নিশা বোকাখাতৰ সাপজুৰিত ভয়ংকৰ অগ্নিকাণ্ড : জুইত জাহ গ’ল ৭ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান :
Aiidesh News : 7 March - 2026 :
বোকাখাতৰ সাপজুৰিৰ বজাৰত যোৱা নিশা প্ৰায় ১০ মান বজাত এক বিধংসী অগ্নিকাণ্ড সংঘৰ্টিত হয় । অগ্নিকাণ্ডত জাহ যায় বজাৰ খনৰ ৭ খনকৈ ব্যৱসায়িক বিপনি । অগ্নিকাণ্ডত বজাৰ খনত থকা দিগন্ত হাজৰিকা, বিতোপন বৰবৰা, বাবুল বৰা, ৰাণু হাজৰিকা, মাতু বৰা, জয়দীপ বৰা আৰু দিলীপ ওৰাংৰ ব্যৱসায়িক বিপনি সম্পুৰ্ণৰূপে জাহ যায় । বজাৰৰ গেলামাল, হোটেল, চাইকেল মেৰামতি, পান তামোলৰ উপৰিও ফলমুলৰ এই বিপনি সমুহত থকা কেইবা লক্ষ্যধিক টকাৰ সমগ্ৰিও জুইত জাহ যায় । বিপনিবোৰত থকা একাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ঙ্কৰ শব্দৰো সৃষ্টি কৰে । অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱাৰ নাই । বোকাখাত আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নি কাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
*********







