বোকাখাত বিধানসভা সমষ্টিত চাৰিকোনীয়া প্ৰতিদ্বন্দিতা : শক্তিশালী প্ৰাৰ্থী হিচাবে অতুল বৰাৰ বিপক্ষে প্ৰত্যাহ্বান সৃষ্টিৰ প্ৰচেষ্টা সকলোৰে :

বোকাখাত বিধানসভা সমষ্টিত  চাৰিকোনীয়া প্ৰতিদ্বন্দিতা : শক্তিশালী প্ৰাৰ্থী হিচাবে অতুল বৰাৰ বিপক্ষে প্ৰত্যাহ্বান সৃষ্টিৰ প্ৰচেষ্টা সকলোৰে :
Aiidesh Photo

 

Aiidesh News : 5 April - 2026 :

বিধানসভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১০৫ নং বোকাখাত বিধানসভা সমষ্টিটো প্ৰতিদ্বন্দিতা কৰা ৬ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্রচাৰ দেখিবলৈ পোৱা গৈছে । অসম গন পৰিষদ, ভৰতীয় জনতা পাৰ্টী আৰু সন্মিলিত গণ শক্তিকে ধৰি এন ডি এ মিত্ৰজোঁটৰ প্রার্থী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই সমষ্টিত নিজৰ প্ৰচাৰ অতি তৎপৰতাৰে কৰা দেখা  গৈছে । ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু উপ-সভাপতি বৈজয়ন্তী পাণ্ডাই ষ্টাৰ কেম্পেইনাৰ হিচাবে অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহন কৰিছে । কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, অসম গন পৰিষদ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু আজি গোলাঘাট জিলা বিজেপিৰ উপ-সভানেত্ৰী ৰাজশ্ৰী বৰাই এক ব্যাপক প্ৰচাৰ অভিযান চলায়। ৰাজশ্ৰী বৰাক এই অভিযানত সংগ দিয়ে বোকাখাত সমষ্টি অগপৰ সম্পাদক কুঞ্জলতা পেগু, আই ডি পিৰ চেয়াৰমেন নিজু লইং আৰু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জয়ন্তী লইং, অগপৰ ফণীধৰ গগৈ, মিত্ৰজোঁটৰ কৰ্মী আৰু পঞ্চায়তৰ প্ৰতিনিধিসকলে।

ইফালে ৰাইজৰ দল, ভাৰতীয় জাতীয় কংগ্রেছ, জাতীয় পৰিষদকে ধৰি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হৰিপ্রসাদ শইকীয়াই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত  প্ৰচাৰ সভা আৰু ৰেলী উপৰিও মানুহৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে । হাতে হাতে বেনাৰ পোষ্টাৰ লৈ নদীপৰীয়া অঞ্চলত হৰিপ্ৰসাদ শইকীয়াৰ হৈ ব্যাপক প্ৰচাৰ চলাইছে ৰিৰোধী ঐক্য মঞ্চই । খতিয়াখলি বুঢ়ীগোঁসানী থানত সেৱালৈ, শৰাই আগবঢ়াই আইৰ আশীৰ্বাদো ল'য় হৰিপ্ৰসাদ শইকীয়াই । এক বৃহৎ ৰেলীৰে প্ৰচাৰ চলায় বোকাখাতৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰজাবাৰী আৰু পুৰণা খতিয়াখলিত পথ সভাত অংশলৈ খতিয়াখলি বুঢ়ী গোঁসানীৰ থানত সেৱা লয় । শতাধিক দুচকীয়া আৰু চাৰিচকীয়া বাহনত কংগ্ৰেছ, ৰাইজৰ দলৰ সমৰ্থক সহ এখন খোলা বাহনত নিৰ্বাচনী শোভাযাত্ৰাত অংশগ্ৰহণ কৰে হৰিপ্ৰসাদ শইকীয়াই । এনে প্ৰচাৰত ৰাইজৰ সহযোগে উৎসাহিত হৰিপ্ৰসাদ শইকীয়াই বোকাখাত সমষ্টিত তেওঁৰ জয় নিশ্চিত বুলি কয় । ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বোকাখাতলৈ আহি দলীয় কৰ্মীসকলক উৎসাহিত কৰি গৈছে । 

১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ দুটা কাৰ্যকালৰ প্ৰাক্তন বিধায়ক এইবাৰ নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী জীতেন গগৈয়ে ১৫ বছৰৰ বিৰতিৰ পিচত সৰ্ব শক্তিৰে এইবাৰৰ নিৰ্বাচনত প্ৰচাৰ চলোৱা দেখা গৈছে । জিতেন গগৈৰ নেতৃত্বৰ বোকাখাত নিৰ্মান গোটৰ কৰ্মকৰ্তাকলৈ কৰ্মই আমাৰ ধৰ্মৰ বানী লৈ জিতেন গগৈয়ে ভোটাৰৰ কাষ চাপিছে । গাৱে , ভূঞায়ে গৈ ভোটাৰৰ মন জয় কৰিবৰ বাবে ব্যাপক প্ৰচাৰ চলাই আছে । মটৰচাইকেল আৰু  গাড়ীৰে বিভিন্ন প্ৰান্তৰত প্ৰচাৰ চলাইছে । পথ সভাৰ উপৰিও গাওঁবোৰলৈ গৈ সভা অনুষ্ঠিত কৰি সমষ্টিৰ ভোটাৰৰ কাষ চাপিবলৈ সক্ষম হৈছে । নিজৰ নিৰ্বাচনী ইস্তাহাৰত “কৰ্মই আমাৰ ধৰ্ম শ্লোগানে” ৰে  কৰ্মস্থলী নিৰ্মাণ আমাৰ লক্ষ্য, আত্ম নিৰ্ভৰশীলতা আমাৰ কাম্য বুলি বোকাখাত সমষ্টি বাসীৰ  সমস্যা সমাধানৰ ক্ষেত্ৰত নিজা প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে । 

বোকাখাত সমষ্টিৰ আন এজন নির্দলীয় প্ৰাৰ্থী প্রণৱ দলেই ২০২১ চনৰ বিধানসভা নির্বাচনত মিত্ৰজোঁটৰ সমৰ্থনেৰে ২৭, ৪০৫ টা ভোট পাবলৈ সক্ষম হৈছিল । এইবাৰ তেওঁৰ লগত বিৰোধী ঐক্য মঞ্চ নাই যদিও নিজৰ একাংশ অনুগামীকলৈ সমষ্টিৰ প্ৰান্তে প্ৰান্তে তেওঁ প্ৰচাৰ কাৰ্যত নামিছে । একাংশ যুৱকৰ সমৰ্থন পোৱা প্ৰনৱ দলেই এইবাৰ কেনে ফলাফল পাই সেয়া লক্ষনীয় হ'ব । ইফালে বোকাখাত সমষ্টিত প্ৰতিদ্বন্দিতা কৰা বাকী দুজন প্রার্থী গণ্ডৱানা গনতান্ত্ৰিক পাৰ্টীৰ প্ৰাৰ্থী  বিবেকানন্দ ৰাজোৱাৰ আৰু হেমন্ত দলৈৰ প্ৰচাৰ বিশেষভাৱে দেখিবলৈ পোৱা নাই যদিও চাহ বাগিছা অঞ্চলত প্ৰচাৰ চলাই চাহ শ্ৰমিকৰ সমস্যা সমূহ ৰাইজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছে । বোকাখাত সমষ্টিত বিধায়ক হিচাবে অতুল বৰা এজন শক্তিশালী প্ৰাৰ্থী। যাৰ বাবে বিত্তশালী আৰু প্রভাৱশালী অতুল বৰাক বাকী সকল প্ৰাৰ্থীয়ে পৰাভুত কৰিব পাৰিবনে নাই সেয়া লক্ষণীয় হ'ব । 

বিগত নিৰ্বাচন বোৰত বোকাখাত সমষ্টিত চাহ  জনগোষ্ঠীৰ ভোটাৰ সকলে নির্ণায়কৰ ভূমিকা লৈ আহিছে | চাহ জনগোষ্ঠী প্রার্থী হলেও গণ্ডৱানা দলৰ প্ৰাৰ্থী বিবেকানন্দ ৰাজোৱাৰ সামাজিক আৰু কৰ্মসুত্ৰেৰেও সমষ্টিৰ ভোটাৰৰ সৈতে পৰিচিত নহয় । বিগত সময়ত বোকাখাত সমষ্টিৰ চাহ জনগোষ্ঠী ভোটাৰ সকলে ভাৰতীয় জাতীয় কংগ্রেছকেই সমৰ্থন জনাইছিল যদিও ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ উত্থানৰ লগে লগে চাহ বাগিছাত কংগ্ৰেছ দলে জনপ্ৰিয়তা হেৰুৱাই । তথাপিও একাংশ চাহ জনগোষ্ঠী লোক চাহ মজদুৰ সংঘৰ দ্বাৰা প্ৰভাৱিত হৈ এতিয়াও কংগ্রেছকেই সমৰ্থন কৰে যদিও ভাৰতীয় চাহ মজদুৰ সংঘই তেওঁলোকৰ মাজতো বিভাজন আনিছে। সমষ্টিৰ অন্য এটা সংখ্যা গৰিষ্ঠ জনগোষ্ঠীৰ মিচিং ভোটাৰ সকল সম্প্ৰতি  কেইবাটাও ভাগত বিভক্ত । সন্মিলিত গন শক্তিয়ে মুকলিকৈয়ে মিত্ৰ জোঁটৰ প্ৰাৰ্থী অতুল বৰাক সমৰ্থন জনাইছে। ইয়াৰ পিচত জনগোষ্ঠীটোৰ প্ৰাৰ্থী হলেও নিৰ্দলীয় প্ৰাৰ্থী প্ৰনৱ দলে জনগোষ্ঠীৰ পৰা কেনেধৰণৰ সহাৰি পায় সি লক্ষনীয় হ'ব । এই পর্যন্ত ছবিখন সম্পূর্ণ স্পষ্ট নহ'লেও বোকাখাতৰ নিৰ্বাচনী যুঁজ অতুল বৰা, জীতেন গগৈ, হৰিপ্ৰসাদ শইকীয়া আৰু প্ৰণৱ দলেৰ মাজতেই আৱদ্ধ হৈ পৰিছে । সমষ্টিটোৰ বিভিন্ন সমস্যাবোৰ লৈ প্ৰাৰ্থী সকলে চলোৱা নিৰ্বাচনী প্ৰচাৰত সমষ্টিৰ ভোটাৰে বিচাৰি পোৱা নাই সমস্যাৰ সমাধান। ভোটৰক আস্বস্ত কৰিব পৰাকৈ সমস্যাবোৰৰ সমাধান দিব পৰা নাই প্ৰাৰ্থী সকলে।

***************