নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গমিৰি ৰেঞ্জত বন বিভাগৰ অভিযান : এটা থলুৱাভাৱে নিৰ্মিত বন্দুক আৰু জোতা উদ্ধাৰ :

নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গমিৰি ৰেঞ্জত বন বিভাগৰ অভিযান : এটা থলুৱাভাৱে নিৰ্মিত বন্দুক আৰু জোতা উদ্ধাৰ :
Aiidesh Photo

Aiidesh News : 21 March - 2026 :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত যোৱা নিশা চলোৱা এক সফল অভিযানত চোৰাংচিকাৰৰ বাবে অহা এক চোৰাংচিকাৰী দলৰ গোপন অভিযান ব্যৰ্থ কৰিবলৈ সক্ষম হয় বনকৰ্মীৰ দলে । ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনীঞ্চলৰ ক্ষেত্ৰ সহায়ক ড০ সোনালী ঘোষে জনোৱা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ পুৱ বনাঞ্চল গমিৰিত চোৰাংচিকাৰী প্ৰৱেশৰ খবৰ পাই কটকতীয়া নিৰাপত্তা আৰু পহৰাৰ ব্যৱস্থা কৰাৰ পিচত যোৱা নিশা গমিৰি বনাঞ্চলত এজন সন্দেযুক্ত ব্যক্তিক হাতত বন্দুক সদৃশ সামগ্ৰী লৈ ফুৰা প্ৰত্যক্ষ কৰে । এই তথ্য লাভৰ পিচতেই বনসংমণ্বডলটোৰ ডি এফ অ' ঋতুপৱন বৰাৰ নেতৃত্বত বনাঞ্চলিক বিষয়া আৰু বন্যপ্ৰাণী অপৰাধ অনুসন্ধান শাখাৰ যৌথ উদ্যোগত ঘটনাস্থলীত অভিযান আৰম্ভ কৰে ।  অভিযানৰ সময়ত সন্দেহ ব্যক্তিজন পলায় যাবলৈ সক্ষম হয় যদিও এটা থলুৱাভাৱে নিৰ্মান কৰা বল্ট বিহীন ৰাইফল আৰু এজোৰ জোতা ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে বনকৰ্মীৰ দলে । বন বিভাগৰ অভিযানৰ বাবেই চোৰাংচিকাৰৰ প্ৰচেষ্টা ব্যৰ্থ হয় যদিও ঘটনাৰ সম্পৰ্কত নিশা দেখা ব্যক্তিজনৰ সন্ধানত সম্প্ৰতি বনকৰ্মী দলে তীব্ৰ অভিযান চলায় আছে যদিও ব্যক্তি আৰু চোৰাংচিকাৰীৰ দলটোৰ সন্ধান উলিয়াব পৰা নাই । পৰ্ৱৰতী সময়ত অঞ্চলটোৰ পৰা এটা কলা ৰঙাৰ বেগ, ৰাইফলৰ অংশ, ১৩ জাঁই গুলী, এটা মোবাইল ফোন আৰু অনান্য সামগ্ৰীও উদ্ধাৰ কৰিহলৈ সক্ষম হয় ।

********