বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰতিপালিত দুটা গঁড় পোৱালীক আজি কাজিৰঙাত পুনৰ সংস্থাপন :
Aiidesh News : 21 January - 2026 :
বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিগত ৬ বছৰ দিন প্ৰতিপালিত কৰি ডাঙৰ কৰা দুটা মতা গঁড় পোৱালীক মংগলবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত পুনৰ সংস্থাপন কৰা হয় । ২০২০ চনৰ আগষ্ট মাহত মিহিমুখ আৰু ২০২১ চনৰ আগষ্ট মাহত বাগৰিৰ পৰা বানপানীৰ মাজতে মাতৃহাৰা এই গঁড় পোৱালী দুটাক উদ্ধাৰ কৰি পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটোলৈ অনা হৈছিল । তেতিয়াৰে পৰা এই কেন্দ্ৰটোত অতি সাৱধানতাৰে এই দুটা গঁড় পোৱালীক প্ৰতিপালন কৰি স্বনিৰ্ভৰশীল কৰি তোলা হয় । নিজেই সকলো কৰিব পৰা হোৱা এই গঁড় পোৱালী দুটাক আজি নিচেই পুৱাতে কাঠৰ গড়ালত ভৰাই গাড়ীত উঠাই কাজিৰঙাৰ ভিতৰলৈ লৈ যোৱা হয় । গড়ালত ভৰোৱাৰ আগতে কেন্দ্ৰৰ পশু চিকিৎসক গঁড় পোৱালী দুটাৰ স্বাস্থ্য পৰীক্ষা কৰে । পিচত গঁড় ভৰোৱা কাঠৰ গঁড়াল দুটা ট্ৰাকত উঠাই কাজিৰঙাৰ ভিতৰলৈ লৈ যোৱা হয় । বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষ আৰু ডি এফ অ’অৰুণ বিঘ্নেশে পতাকা জোকাৰি গঁড় পোৱালী দুটাৰ কাজিৰঙালৈ বুলি কৰা যাত্ৰাৰ শুভাৰম্ভ কৰে । কাজিৰঙাত গঁড় পুনৰসংস্থাপনৰ আজি ঘটনা কাজিৰঙাৰ বাবে ইতিহাস হৈ ৰব বুলি মন্তব্য কৰে সঞ্চালক ড০ সোনালী ঘেষে । অনুষ্ঠানত ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড০ ৰথীন বৰ্মন, বিশ্ব প্ৰকৃতি নিধিৰ ব্ৰহ্মপুত্ৰ লেণ্ডস্কেপৰ মুৰব্বী ড০ অনুপম শৰ্মা, পৰিবেশ কৰ্মী কৌশিক বৰুৱা আৰু বনাঞ্চলিক বিষয়া সকল উপস্থিত থাকে । পৰৱৰ্তী সময়ত কাজিৰঙাৰ অন্তৰ্ভাগৰ ঘাঁহনিত নিৰ্মান কৰা ‘বোমা’ বা সুৰক্ষিত বেৰাৰ মাজত দুয়োটা পোৱালীকে মুকলি কৰি দিয়া । মানুহৰ সংস্পৰ্শৰ দ্বাৰা প্ৰভাৱিত এই গঁড় পোৱালী দুটাক কাজিৰঙাৰ বন্য পৰিৱেশৰ সৈতে খাপ খোৱালৈকে এই বোমাতে ৰাখি কিছু দিন পৰ্যবেক্ষণ কৰা হ’ব । মানুহৰ সংস্পৰ্শৰ প্ৰভাৱ পৰা মুক্ত হৈ আৰু বন্য পৰিৱেশৰ লগত নিজকে খাপ খোৱাব পৰা হলেই গঁড় পোৱালী দুটাক বোমাৰ পৰা উলিয়াই কাজিৰঙাৰ বুকুত মুকলি কৰি দিয়া হ’ব বুলি জনায় পুনৰ সংস্থাপন কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা০ ভাস্কৰ চৌধুৰীয়ে । ইয়াৰ বাবে হয়তো দুমাহ মান সময় লাগিব বুলিও জনায় ডা০ ভাস্কৰ চৌধুৰীয়ে । উল্লেখ্য যে ইয়াৰ পুৰ্বে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ বৰজুৰিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পৰা পুনৰ সংস্থাপনৰ বাবে গঁড় প্ৰেৰণ কৰা হৈছিল যদিও কাজিৰঙাত প্ৰথম বাৰৰ বাবে কেন্দ্ৰত প্ৰতিপালিত গঁড় আজি পুনৰ সংস্থাপন কৰা হ’ল ।







