বোকাখাত থানাত নাগৰিক সমিতিৰ সভা :

বোকাখাত থানাত নাগৰিক সমিতিৰ সভা :
Aiidesh photo

Aiidesh News : 02 April - 2026 : 

অসম চৰকাৰৰ দ্বাৰা গঠিত বোকাখাত থানা নাগৰিক সমিতিৰ এখনি বৈঠক ১ এপ্ৰিলত বোকাখাত আৱৰ্ত ভৱনত সম্পন্ন হয় । ৰিপুঞ্জয় দত্তৰ সমাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ সম্পাদক,বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে।বিগত কাৰ্যনিৰ্বাহকৰ কাৰ্যবিবৰণী পাঠ কৰে কাজল মণ্ডলে।সভাত চৰকাৰৰ দ্বাৰা অনুমোদিত সদস্য সকলৰ লগতে জিলা আৰক্ষী বিষয়াৰ দ্বাৰা মনোনীত সদস্য বুবুল দত্তও উপস্থিত থাকি পৰামৰ্শ আগ বঢ়ায়। আগন্তুক নিৰ্বাচনৰ পাছতে নাগৰিক সমিতিৰ এটা বেংক একাউণ্ট খোলা, অসামাজিক কাম কাজ ৰোধ কৰিবলৈ আৰক্ষীক সহযোগ কৰা,জন সচেতনতা সৃষ্টিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা,নিৰ্বাচনৰ ফলাফলৰ পাছতে বোকাখাত আৰক্ষী থানাৰ নিৰাপত্তাৰ বাবে চৌহদৰ বেৰা নিৰ্মাণ কৰিবলৈ চৰকাৰৰ সৈতে যোগাযোগ কৰা, শিক্ষানুষ্ঠান সমূহত সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰা ইত্যাদি প্ৰস্তাৱ গ্ৰহণ কৰে ।

*********