ডিফলু নদীৰ ঢলত উটি গ'ল বোকাখাত পৌৰসভাৰ আৱৰ্জনা নিষ্কাষণ প্ৰকল্পৰ আৱৰ্জনা : ভয়ঙ্কৰ প্ৰদুষণ আৰু জনস্বাস্থ্যক লৈ সংকিত স্থানীয় জনসাধাৰণ : কাজিৰঙাৰ জৈৱ বৈচিত্ৰলৈও ভাবুকি :

Aiidesh News : 03 June - 2025 :
বোকাখাত পৌৰ এলেকাৰ সংগৃহীত আৱৰ্জনা নিষ্কাষণ কৰিবৰ বাবে বোকাখাত পৌৰসভাই নগৰখনৰ পশ্চিম সীমাৰ লতাবাৰীত ডিফলু নদীৰ পাৰতে নিৰ্মান কৰি উলিয়াইছে ব্যয় বহুল এক আৱৰ্জনা নিষ্কাষণ প্ৰকল্প ৷ এই প্ৰল্পপ নিৰ্মান বাবে নুমলীগড় শোধনাগাৰ আৰু বিভিন্ন পুঁজিৰ প্ৰায় ৩ কোটিৰো অধিক ধন ব্যয় কৰা হৈছে ৷ কাৰ্বি পাহাৰৰ পৰা নামি অহা ডিফলু নদীৰ পাৰতে নিৰ্মান কৰা এই প্ৰকল্পৰ বাবে ইতিমধ্যেই বহুতো বিতৰ্কৰ সৃষ্টি হৈছে ৷ প্ৰদুষণ নিয়ন্ত্ৰন আইনৰ বিধি মতে বোঁৱতী নদীৰ পাৰত আৱৰ্জনা নিষ্কাষণ নিষিদ্ধ যদিও বোকাখাত পৌৰসভাই সকলোকে বৃদ্ধাংগুষ্ঠ দেখুৱাই নিৰ্মান কৰিছে এই অভিলাষী প্ৰকল্প ৷ কাৰ্বি পাহাৰৰ পৰা নামি অহা ডিফলু নদী কাজিৰঙাৰ মাজেৰে বৈ গৈ বুঢ়াপাহাৰৰ ডিফলুমুখত ব্ৰহ্মপুত্ৰত পৰিছে গৈ ৷ ডিফলু নদীখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক দ্বিখণ্ডিত কৰাৰ উপৰিও বন্যপ্ৰাণীৰ বাবে পানী যোগান ধৰাৰ লগতে জৈৱ বৈচিত্ৰতাতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে আহিছে ৷
বোকাখাত নগৰৰ লতাবাৰীত নিৰ্মিত এই আৱৰ্জনা নিষ্কাষণ প্ৰকল্পত এতিয়া প্ৰতিদিনে নগৰৰ পৰা সংগৃহীত আৱৰ্জনাৰ লগতে বোকাখাত অসামৰিক চিকিৎসালয়ৰ বিধিন্ন ঔষধ, ব্যৱহৃত চিৰিঞ্জ আদি পেলনীয়া সামগ্ৰীৰ লগতে ইলেক্ট্ৰনিকচ অৱৰ্জনাও বিধি বৰ্হিভুত ভাৱে পেলোৱা হয় ৷ বিগত বৰ্ষৰ ১০ চেপ্তম্বৰত ৰাজ্যিক প্ৰদুষণ নিষন্ত্ৰন বৰ্ডৰ বিশেষজ্ঞ ৰীতা শৰনীয়াৰ নেতৃত্বত অহা পাঁচ জনীয়া বিশেষজ্ঞৰ দলে এই প্ৰকল্প থলিত উল্লেখিত আপত্তিজক আৱৰ্জনা পোৱাৰ বিষয়ে তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰিছিল ৷ যাৰ বাবে এই আৱৰ্জনা বোৰৰ পৰা সৃষ্টি হ'ব পৰা ভয়ানক প্ৰদুষণে ডিফলু নদীৰ পানী দুষিত কৰা আৰু এই পানীয়ে কাজিৰঙাৰ বাবে ভয়ংকৰ বিপদ সৃষ্টি কৰিব পাৰে বুলি বিভিন্ন সময়ত বিতৰ্কৰো সৃষ্টি কৰিছে ৷ আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে এয়াৰ প্ৰতিবাদত পৌৰ প্ৰশাসন আৰু অসম চৰকাৰকো লিখিত ভাৱে ইয়াৰ অভিযোগ দিছিল ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষয়ো কাৰণ দৰ্শোৱাৰ জাননীৰ লগতে স্থান পৰিবৰ্তন কৰিবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল বোকাখাত পৌৰসভাক ৷ ইয়াৰ পিচতো ডিফলু নদীৰ পাৰত নিৰ্মান হোৱা বোকাখাত পৌৰসভাৰ আৱৰ্জনা নিষ্কাষণ প্ৰকল্প যোৱা ৩০ মে'ৰ নিশা ডিফলু নদীৰ ঢলে প্লাবিত কৰে ৷ বুৰাই পেলায় সমগ্ৰ প্ৰকল্পৰ পৰিসৰ ৷ যাৰ বাবে প্ৰকল্প থলিত দমাই থোৱা আৱৰ্জনা বোৰ পানীত উটি কাষৰীয় অঞ্চলত সিঁচৰিত হোৱাৰ লগতে কাজিৰঙাৰ দিশে ঢল পানীৰ সৈতে প্ৰৱাহিত হয় ৷ ৩১ মে’ নিশাৰ পৰা ডিফলু নদীৰ পানী নিম্নগামী হোৱাৰ পিচত লতাবাৰীৰ নামনিৰ বিস্তীৰ্ণ এলেকাত এই আৱৰ্জনা সিঁচৰিত হৈ ভয়ংকৰ প্ৰদুষনৰ সৃষ্টিৰ কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে ৷ শংকিত হৈছে স্থানীয় লোক সকল ৷ বানপানীৰ পিচত হ'ব পৰা প্ৰদুষণ জনিত ৰোগৰ বাবে অঞ্চলটোৰ লোকৰ বাবে বিপদ মাতিছে ৷
মন কৰিব লগীয়া যে বোকাখাতৰ লতাবাৰীত ডিফলু নদীৰ জলপৃষ্ঠ বিপদসীমা হ'ল ৭৭.২০ মিটাৰ ৷ ৩০ মে’ নিশা ডিফলু নদীত অহা ঢলৰ বাবে জলপৃষ্ঠ বিপদসীমা অতিক্ৰমি ৭৭.৮২ মিটাৰ বৃদ্ধি পাইছিল ৷ অৰ্থাৎ বিপদসীমাৰ ওপৰত ০.৬২ মিটাৰ বৃদ্ধি পাইছিল ডিফলু নদীৰ জলপৃষ্ঠ ৷ যাৰ ফলত উটি ভাহি গ'ল বোকাখাত পৌৰ প্ৰশাসনৰ আৱৰ্জনা নিষ্কাষণ প্ৰকল্পত দমাই থোৱা আৱৰ্জনা ৷ ডিফলু নদীৰ জলপৃষ্ঠ উঠা নমাৰ তথ্যৰ সঠিক বিশ্লেষণ নোহোৱাকৈ নদীখনৰ পাৰতে ৰাজহুৱা ধন অপচয় কৰি নিৰ্মান কৰা এই আৱৰ্জনা নিষ্কাষণ প্ৰকল্প এতিয়া ভালুকৰ সাঙি হৈ পৰিছে বোকাখাত পৌৰসভাৰ বাবে ৷ নিৰ্মানৰ পিচত প্ৰথম বাৰৰ বাবে নদীৰ ঢলে আৱৰ্জনা উটুৱাই নিয়া ঘটনাৰ পিচত সমগ্ৰ অঞ্চলত অদুৰ ভৱিষ্যতে হ'ব ভয়ংকৰ প্ৰদুষণ আৰু আনুসংগিক সমস্যা লক্ষনীয় হ'ব ৷ বানপানীৰ পিচত হ'ব পৰা ৰোগজনিত সমস্যাই স্থানীয় লোকক বিপদাগ্ৰস্ত কৰা সম্ভাৱনাও প্ৰকট হৈ পৰিছে ৷
**********