ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ অধিনত প্ৰকৃতি সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰলৈ চৰকাৰৰ স্বীকৃতি :

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ অধিনত প্ৰকৃতি সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰলৈ চৰকাৰৰ স্বীকৃতি  :
Aaranyak

Aiidesh News : 8 August - 2025 :

বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি অসম চৰকাৰে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰ আৰু ইয়াৰ সঞ্চালক উদয়ন বৰঠাকুৰলৈ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ৩২৯ (৪) ধাৰাৰ অধীনত স্বীকৃতি প্ৰদান কৰিছে ।  এই স্বীকৃতিৰ পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী অপৰাধৰ তদন্তত আৰণ্যকৰ পৰীক্ষাগাৰ আৰু বিশেষজ্ঞৰ বন্যপ্ৰাণী জিনতত্ত্ব আৰু বন্যপ্ৰাণী ফৰেণচিক বিশ্লেষণক এতিয়াৰে পৰা আইনী মান্যতা দিয়া হ’ব ।

অসমৰ ৰাজ্যপালে যোৱা ৪ আগষ্টত জাৰি কৰা এক নিৰ্দেশৰ পাছত অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ বিশেষ মুখ্য সচিবে এই সম্পৰ্কত এক অধিসূচনা জাৰি কৰিছে । ডি এন এ বিশ্লেষণ পদ্ধতিৰ ব্যৱহাৰেৰ ফৰেণচিক সাক্ষ্য সংগ্ৰহৰ জৰিয়তে বন্যপ্ৰাণী অপৰাধৰ তদন্ত আৰু নিয়ন্ত্ৰনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ অধীনত এটা পৰীক্ষাগাৰ আৰু এগৰাকী বিশেষজ্ঞক স্বীকৃতি দিয়াতো অসমত এয়াই প্ৰথম ।

এই স্বীকৃতি লাভৰ পিচত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰৰ প্ৰতিষ্ঠাপক উদয়ন বৰঠাকুৰে কয় যে “চৰকাৰৰ এই অধিসূচনাক আমি এই ক্ষেত্ৰখনত প্ৰায় দুটা দশক ধৰি কৰি কামৰ এক গুৰুত্বপূৰ্ণ স্বীকৃতি হিচাপে গণ্য কৰিছোঁ । এই স্বীকৃতিক আমি আমাক অৰ্পণ কৰা এক গুৰু দায়িত্ব বুলিও গণ্য কৰিছোঁ আৰু এই দায়িত্ব অৰ্পণ কৰাৰ বাবে আমি অসম চৰকাৰক কৃতজ্ঞতা জনাইছোঁ ।” ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ ৰ ৩২৯ (৪) নং ধাৰাৰ অধীনৰ এই অধিসূচনাই আৰণ্যকৰ পৰীক্ষাগাৰটো আৰু ইয়াৰ জীৱবিজ্ঞানীক বন্যপ্ৰাণী অপৰাধসমূহত ফৰেণচিক বিশ্লেষণৰ কাৰণে সাক্ষ্য সংগ্ৰহত সহায় কৰাৰ বাবে বৈজ্ঞানিক বিশেষজ্ঞ হিচাপে মান্যতা দিব আৰু ই অনাগত দিনবোৰত বন্যপ্ৰাণী অপৰাধৰ গোচৰত দোষী সাব্যস্য কৰিব পৰাকৈ ৰায়দান দিয়াত অৰিহণা যোগাব বুলি উদয়ন বৰঠাকুৰে মন্তব্য কৰে ।

আৰণ্যকৰ সচিব প্ৰধান আৰু কাৰ্যবাহী সঞ্চালক ড° বিভৱ কুমাৰ তালুকদাৰে আৰণ্যকৰ বন্যপ্ৰাণী জিনতত্ত্ব পৰীক্ষাগাৰক অৰ্পণ কৰা দায়িত্বৰ বাবে অসমৰ বন বিভাগ আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকে চৰকাৰৰ সংৰক্ষণৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টাত পৰিপূৰক হিচাপে কাম কৰি আহিছে আৰু অনাগত বছৰবোৰতো তাক অক্ষুন্ন ৰাখিব ।

উল্লেখ্য যে ২০০৮ চনত স্থাপিত আৰণ্যকৰ এই পৰীক্ষাগাৰটো সংৰক্ষণ জিনতত্ত্ব আৰু বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক বিশ্লেষণৰ সুবিধাসম্পন্ন উত্তৰ পূৱৰ একমাত্ৰ পৰীক্ষাগাৰ । যোৱা দশকটোত এই পৰীক্ষাগাৰে চৰকাৰী তদন্তকাৰী সংস্থাক ১৩৫ টা বিভিন্ন বন্যপ্ৰাণী অপৰাধৰ তদন্তত জিনতত্ত্ব বিশ্লেষণ আৰু ক্ষেত্ৰভিত্তিক ডি এন এ নমুনা সংগ্ৰহ কৰাত সহায় কৰিছে । ফৰেনছিক কাম-কাজৰ উপৰিও এই পৰীক্ষাগাৰটোৱে ভাৰত আৰু বিদেশৰ বিপন্ন বন্যপ্ৰাণী প্ৰজাতিৰ জিনতত্ত্ব সংৰক্ষণ বিষয়ক ২৪ টাৰো  অধিক গৱেষণা প্ৰকল্প ৰুপায়ণ কৰিছে ।

*********