বোকাখাতত কাৰ্বি ছাত্ৰ সন্থাৰ অভিভাৱক আৰু বিশেষ সজাগতা সভা :
Aiidesh News : 10 August - 2025 :
বোকাখাতৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত কাৰ্বি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতিৰ আজি বোকাখাতৰ কাৰ্বি ছাত্ৰ সন্থাই আজি বোকাখাত এখন অভিভাৱক সভা আৰু বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে ৷ অনুষ্ঠানত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয়, বেষ্ট একাডেমী, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অধ্যয়নৰত শতাধিক কাৰ্বি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে অংশগ্ৰহন কৰে ৷
অসম গন পৰিষদ কাৰ্যালয় চৌহদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ অনুষ্ঠানত বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চাৰ-ইম টকবি আৰু সাধাৰণ সম্পাদক পিৰবি লেকথেপীৰ নেতৃত্বত আয়োজিত এই অনুষ্ঠানত বোকাখাত কাৰ্বি ছাত্ৰ সন্থাৰ বিকেএছএ ২০১৭-১৯ বৰ্ষ কালৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন সাধাৰণ সম্পাদক চেমচন ইংতি , মুখ্য উপদেষ্টা শ্বৰলিহ ইংলেঙ, উপদেষ্টা মহেশ চিংনাৰ আৰু চেটং তেৰাঙ উপস্থিত থাকে ৷
অনুষ্ঠানত বোকাখাতত অধ্যয়ৰত ছাত্ৰ ছাত্ৰী, কাৰ্বি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু অভিভাৱক সকলৰ মাজত ছাত্ৰ ছাত্ৰী বিভিন্ন সমস্যা, গুণগত শিক্ষা ৰক্ষা কৰা, অভিভাৱকৰ সপোন আৰু আকাংক্ষা পূৰণ কৰা আৰু শিক্ষাৰ্থীৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ জীৱনক ক্ষতি কৰিব পৰা সকলো কাৰ্যকলাপৰ পৰা আঁতৰি থকাৰ উপৰিও নিচাযুক্ত দ্ৰব্য পৰিহাৰ কৰি চৰিত্ৰ আৰু সফলতাৰ বাবে ইতিবাচক আৰু গঠনমূলক কামত জড়িত হোৱাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আলোচনা কৰা হয় ৷
**********