হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল বোকাখাতৰ সীমান্ত, কৌশিক, দিৱৰাজ, অভিজ্ঞান ,উন্মনা আৰু অংগৰাগ :

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল বোকাখাতৰ সীমান্ত,  কৌশিক, দিৱৰাজ, অভিজ্ঞান ,উন্মনা আৰু অংগৰাগ :
Aiidesh Photo

Aiidesh News : 10 April - 2026 :

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উজ্বলিল সীমান্ত নাথ,  কৌশিক সেনাপতি, দিৱৰাজ বৰুৱা , অভিজ্ঞান শইকীয়া, উন্মনা বৰা আৰু অংগৰাগ হাজৰিকা। বোকাখাতৰ বেষ্ট একাডেমিৰ ছাত্ৰ সীমান্ত নাথে দুটা বিষয়ত এশ শতাংশ নম্বৰেৰে মুঠ ৯৬.৮৩ শতাংশৰে উতীৰ্ণ হৈ বোকাখাত লৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে বোকাখাত কেন্দ্ৰৰ ভিতৰতে সৰ্বাধিক নম্বৰ পাবলৈ সক্ষম হয় । সীমান্ত নাথে সাধাৰণ গনিত আৰু ঐচিক গনিতত এশৰ ভিতৰত এশ নম্বৰ লাভ কৰে ।  সীমান্ত নাথ কাজিৰঙাৰ নিৱাসী প্ৰদীপ নাথ আৰু দেৱযানী দেৱীৰ পুত্ৰ । ইফালে বোকাখাত সমজিলাৰ  গোলোং টেমেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নাচনীপাৰ গাঁৱৰ যাদৱ সেনাপতি আৰু অনুৰূপা সেনাপতিৰ পুত্ৰ কৌশিক সেনাপতিয়ে ৯৬.৩ শতাংশৰে ডিষ্টিংছন সহ সুক্ষাতিৰে উৰ্ত্তীণ হোৱাৰ বিপৰীতে নেপালীখুটি গাওঁৰ ভুপেন বৰুৱা আৰু ৰেখামনি বৰুৱাৰ পুত্ৰ দিৱৰাজ বৰুৱাই সাধাৰণ গনিতত এশ শতাংশ নম্বৰসহ মুঠ ৮৮ শতাংশ নম্বৰেৰে উতীৰ্ণ হৈছে। বোকাখাতৰ পৰঙনীয়াৰ মন্টু শইকীয়া আৰু মৃদুলা বৰাৰ পুত্ৰ অভিজ্ঞান শইকীয়াই ৬ টা বিষয়ত লেটাৰ আৰু ডিষ্টিংচনলৈ মুঠ ৮৭.৫ শতাংশ নম্বৰেৰে,একে গাওঁৰে জিতুমনি বৰা আৰু ত্ৰিবেনী বৰাৰ কন্যা উন্মনা বৰাই ৫ বিষয়ত লেটাৰ সহ মুঠ ৮৬.৬ শতাংশ নম্বৰেৰে আৰু ৰজাবাৰীৰ বিনোদ হাজৰিকা আৰু শিখা হাজৰিকাৰ পুত্ৰ অংগৰাগ হাজৰিকাই চাৰিটা বিষয়ত লেটাৰ আৰু ডিষ্টিংচনসহ ৮৬.শতাংশ নম্বৰেৰে সুখ্যাতিৰে উতীৰ্ণ হৈ বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে ।  

উল্লেখ্য যে আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষত বোকাখাত সমজিলাৰ ৫ টা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কমাৰগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ উতীৰ্ণ হাৰ ৯৮.১৩ শতাংশ আৰু এইয়া সমজিলাৰ সৰ্বাধিক উতীৰ্ণ হাৰ । এই কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২৬৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২৬৩ গৰাকী পৰীক্ষাৰ্থী উতীৰ্ণ হয় । ইয়াৰে ১২০ গৰাকী প্ৰথম বিভাগত, ১৩৯ দ্বিতীয় বিভাগত আৰু ৪ গৰাকীয়ে তৃতীয় বিভাগত উতীৰ্ণ হয় । সমজিলাখনত কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ উৰ্তীৰ্ণ হাৰ ৯০.০৫ শতাংশৰে দ্বিতীয় স্থানত থাকে । এই কেন্দ্ৰত মুঠ ২০১ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱাৰ বিপৰীতে মুঠ ১৮১ গৰাকীয়ে উতীৰ্ণ হয় ।  ইয়াৰে ৪৮ গৰাকী প্ৰথম বিভাগত, ১১১গৰাকী দ্বিতীয় বিভাগত, আৰু ২২ গৰাকীয়ে তৃতীয় বিভাগত উতীৰ্ণ হয় । একেদৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ উতীৰ্ণ হাৰ হ’ল ৮৬.৮৬ শতাংশ । কেন্দ্ৰটোৰ মুঠ ২৩৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উতীৰ্ণ হয় ২০৫ গৰাকী আৰু ইয়াৰে ৫৫ গৰাকী প্ৰথম বিভাগত, ১২৬ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ২৬ গৰাকীয়ে তৃতীয় বিভাগত উতীৰ্ণ হয় । বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত উতীৰ্ণ হাৰ ৬৮.৮২ শতাংশ । এই কেন্দ্ৰত মুঠ ১০২০ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু উতীৰ্ণ হয় ৭০২ গৰাকী । ইয়াৰে ২৬৪ গৰাকী প্ৰথম, ৩৪৭ গৰাকী আৰু ৯১ গৰাকীয়ে তৃতীয় বিভাগত উতীৰ্ণ হয় । সমজিলাখনৰ মহুৰামুখ উচ্চমাধ্যমিক বিদ্যালয়ত থকা পৰীক্ষা কেন্দ্ৰৰ উতীৰ্ণ হাৰ ৫৫.০১ শতাংশ । এই কেন্দ্ৰত মুঠ ৩৬৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈ ২০৩ গৰাকী উতীৰ্ণ হয় । ইয়াৰে ২০ গৰাকীয়ে প্ৰথম,  ৯১ গৰাকীয়ে দ্বিতীয় আৰু  ৯২ গৰাকীয়ে তৃতীয় স্থানত উতীৰ্ণ হয় ।

**********