বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ বিশেষ শিৱিৰ সম্পন্ন :
Aiidesh News : 30 June - 2025 :
বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ বিশেষ শিৱিৰ যোৱা ২৪ জুনৰ পৰা ৩০ জুনলৈকে স্থানীয় অশোক হাজৰিকা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় । এই শিৱিৰৰ লগত সংগতি ৰাখি স্নাতক পঞ্চম ষম্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ইনৰ্টানশ্বিপ পাঠ্যক্ৰমো সম্পন্ন হয় । মুঠ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা এই শিৱিৰত বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ব্যৱহাৰিক কামো কৰোৱা হয়। বিশিষ্ট পৰিৱেশ কৰ্মী উত্তম শইকীয়াৰ নেতৃত্বত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী এনিমেল কৰিডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আৱৰ্জনা পৰিস্কাৰ কৰা, মহাবিদ্যালয়ৰ চৌহদ পৰিস্কাৰ কৰা , অশোক হাজৰিকা মাধ্যমিক বিদ্যালয় পৰিস্কাৰ কৰা, ম'হমাইকী গাওঁৰ মুকলি পথাৰত ভুঁইৰোৱা কাৰ্য্য , সমল ব্যক্তি উত্তম শইকীয়াৰ পৰিচালনাত নেতৃত্বৰ গুণ শীৰ্ষক আলোচনাচক্ৰ, ড০ শান্তি ছায়া বৰুৱাৰ মূল্যবোধ শিক্ষা বক্তৃতানুষ্ঠান , বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত মত বিনিময় কাৰ্য্যসূচী আৰু কৃষি উদ্যমিতাৰ বিষয়ত ড০ বিজয় শৰ্মায়ো বক্তব্য আগবঢ়ায় ।
আজি অনুষ্ঠিত শিৱিৰৰ সামৰণি অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ জয়ন্ত গগৈ, বিশিষ্ট সাংবাদিক তথা পৰিবেশ কৰ্মী উত্তম শইকীয়া, বিদ্যালয় প্ৰধান ময়ুৰিমা হাজৰিকা, ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সমন্বয়ক অধ্যাপক প্ৰশান্ত শইকীয়া, অধ্যাপক মতিৰাম দাস, শিক্ষক বিপ্লৱ কুমাৰ শৰ্মা উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন পৰামৰ্শ আগবঢ়ায় । সামৰনী অনুষ্ঠানত শিৱিৰত অংশ গ্ৰহন কৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো পৰিবেশন কৰে ।
**********