কাজিৰঙাত জ্যোতিবিজ্ঞান চৰ্চা আৰু তাৰকা নিৰীক্ষণৰ কৰ্মশালা : জ্যোতিবিজ্ঞান পৰ্যটনৰ সম্ভাৱনাৰে স্থানীয় ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন :

Aiidesh News : 7 January - 2026 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষৰ নেতৃত্বত ৰাষ্ট্ৰীয় উদ্যানখনত জ্যোতি বিজ্ঞান আৰু তাৰকা নিৰীক্ষণেৰে পৰ্যটনৰ এক নতুন ক্ষেত্ৰ সংযোজনৰ প্ৰচেষ্টা আৰম্ভ হৈছে ।  এই উদেশ্যৰে ৫ আৰু ৬ জানুৱাৰীত বুঢ়াপাহাৰ বনাঞ্চলৰ ৰাইলেণ্ড পাৰ্কত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰ’নমাৰ এচ’চিয়েচন নামৰ সংগঠনৰ সহযোগত জ্যোতিবিজ্ঞান আৰু তাৰকা নিৰীক্ষণৰ এক দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালা স্থানীয় শিক্ষানুষ্ঠান আৰু গাওঁৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে । দুয়োটা দিনতে ছাত্ৰ ছাত্ৰী সকলক জ্যোতি বিজ্ঞানৰ চৰ্চাৰ লগতে তাৰকা নিৰীক্ষনেৰে কাজিৰঙাত পৰ্যটনৰ অন্য এক পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনাৰ ওপৰত আলোচনা কৰা হয় । দুয়োটা দিনতেই জ্যোতি বিজ্ঞানৰ নতুন নতুন তথ্যৰ লগতে নতুন নতুন সঁজুলিৰে আকাশৰ তাৰকা নিৰীক্ষণ কৰি আপ্লুত হৈ পৰে ছাত্ৰ ছাত্ৰী সকল । কৰ্মশালাত প্ৰাগজ্যোতিষ এমেচাৰ এষ্ট্ৰ’নমাৰ এচ’চিয়েচন  সমন্বয়ক ড০ কিশোৰ বৰুৱা, আন্দামানৰ তাৰকা নিৰীক্ষনকাৰী উদয় ভাস্কৰ আৰু অসমৰ বিশিষ্ট জ্যোতিবিজ্ঞানৰ আলোকচিত্ৰ শিল্পী ৰাজীৱ লোচন শৰ্মাই সমল ব্যক্তি হিচাব বিষয়বস্তৰ ওপৰত বাখ্যা আগবঢ়়ায় । কৰ্মশালাত কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিঘ্নেশ শ্ৰীধৰণে অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলৰ অনুভৱ সম্পৰ্কত বাৰ্তালাপ কৰাৰ উপৰিও কাজিৰঙাত জ্যোতি বিজ্ঞান আৰু তাৰকা নিৰীক্ষণ পৰ্যটনৰ সম্ভাৱনাও আলোচনা কৰে ।

কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষৰ মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তুলনাত কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত আলোক প্ৰদুষণ কম বাবে নিশাৰ ভাগত তাৰকা নিৰীক্ষণৰ বাবে অতি উত্তম । যাৰ বাবে এই স্থানত জ্যোতি বিজ্ঞান আৰু তাৰকা নিৰীক্ষণ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা আছে । এই ক্ষেত্ৰখনৰ প্ৰতি স্থানীয় যুৱক যুৱতী সকলক আকৰ্ষণ কৰিবৰ বাবেই কাজিৰঙা কৰ্তৃপক্ষৰ এইয়া এক পদক্ষেপ । জ্যোতি বিজ্ঞান আৰ তাৰকা নিৰীক্ষণ পৰ্যটনৰ দ্বাৰা কাজিৰঙালৈ অহা পৰ্যটকে দিনৰ ভাগত বন্যপ্ৰাণী আৰু বনাঞ্চল দৰ্শন কৰি নিশালৈ জ্যোতিবিজ্ঞানৰ আলোচনা আৰু তাৰকা নিৰীক্ষণৰ সুবিধা পাব বুলিও তেওঁ জনায় ।

***********