ভাৰত পাকিস্তান যুদ্ধত পাকিস্থানত কাৰাবন্দী হোৱা আনন্দ দাস গুৰুতৰ ভাৱে অসুস্থ : গুৱাহাটীলৈ নিবলৈ পোৱা নাই এখন উপযুক্ত এম্বুলেঞ্চ :

Aiidesh News : 15 August - 2025 :
দেশে আজি উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস। কিন্তু দেশৰ অখণ্ডতা আৰু নিৰাপত্তাৰ বাবে বিদেশৰ কাৰাগাৰত দিন পাৰ কৰিব লগা হোৱা এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱান এতিয়া শয্যাগত। ১৯৭১ চনত ভাৰত- পাকিস্তান যুদ্ধত বীৰদৰ্পে সমুখ সমৰত অংশ লোৱা বোকাখাত সম জিলাৰ লখৌজানৰ অৱসৰপ্ৰাপ্ত জোৱান আনন্দ দাস এতিয়া শৰ্যাগত । ভাৰত পাকিস্তানৰ যুদ্ধত ভাৰতীয় সেনাৰ হৈ সাহসেৰে যুঁজ কৰি অৱশেষত পাকিস্তানৰ সেনাৰ হাতত বন্দী হৈ প্ৰায় দুটি বছৰ পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ চিমলা চুক্তি অনুসৰি বন্দী প্ৰত্যাৰ্পন হোৱাত মাতৃভূমিলৈ উভতি আহিবলৈ সক্ষম হৈছিল আনন্দ দাস । কাৰাগাৰৰ পৰা মুক্তি হৈ স্বদেশলৈ পোৱাৰ পাচত তেওঁ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বত আছিল। আনকি আততায়ীয়ে প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰাৰ সময়ৰো সাক্ষী আছিল তেওঁ ৷ চুটি চাপৰ হাঁহিমুখীয়া আনন্দ দাসক প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে"চোটে" বুলি সম্বোধন কৰিছিল । বৰ্তমান অশীতিপৰ বৃদ্ধ আনন্দ দাস গুৰুতৰ ভাৱে অসুস্থ । যোৰহাটৰ সেনা চিকিৎসালয়ত দীৰ্ঘদিন চিকিৎসা কৰিছিল যদিও অৱস্থাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয় কৰ্তৃপক্ষই তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ হায়েট চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিছে । কিন্তু ঘৰুৱা আৰ্থিক অৱস্থা সৱল নোহোৱাৰ বাবে বৰ্তমান বোকাখাতৰ লখৌজানৰ ঘৰতে থাকিব লগা হৈছে আনন্দ ৰাম দাস ।
আনন্দ দাসৰ পুত্ৰ অনন্ত দাসৰ পৰা জানিব পৰা মতে বিশেষ ৰোগত আক্ৰান্ত পিতৃক গুৱাহাটীলৈ নিবৰ বাবে এখন উন্নত মানৰ এম্বুলেন্সৰ প্ৰয়োজন। কিন্তু সেই সুবিধা এতিয়াও পোৱা নাই । স্থানীয় বিধায়ক, স্থানীয় প্ৰশাসন কাৰোৰে আহৰি নাই তেখেতৰ খবৰ ল’বলৈ । তিনিবছৰ মানৰ আগতে তেখেতৰ বিষয়ে বিভিন্ন মাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাচত এবাৰ স্থানীয় প্ৰশাসনে গণৰাজ্য দিৱসত সম্বৰ্ধনা জনাইছিল । আজাদী কি অমৃত মহোৎসৱত অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এসত্তৰৰ বীৰ সকলক সন্মান জনোৱা কাৰ্যসুচীত তেখেতো সন্মান জনাইছিল । তেওঁ সুদীৰ্ঘ দিন অগপৰ কৰ্মী হিচাপেও আছিল আনন্দ দাস । দেশৰ বাবে সেৱা আগবঢ়োৱা সেনা জোৱান আনন্দ দাসৰ চিকিৎসাৰ ক্ষেত্ৰত স্থানীয় বিধায়ক, প্ৰশাসন , বিভিন্ন দল সংগঠন আৰু স্থানী ৰাইজৰো কৰনীয় আছে ।
**********