দেশৰ লগতে কাজিৰঙাতো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন : বনকৰ্মীক মটৰচাইকেল প্ৰদান :

দেশৰ লগতে কাজিৰঙাতো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন : বনকৰ্মীক মটৰচাইকেল প্ৰদান :
Aiidesh Photo
দেশৰ লগতে কাজিৰঙাতো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন : বনকৰ্মীক মটৰচাইকেল প্ৰদান :
দেশৰ লগতে কাজিৰঙাতো ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন : বনকৰ্মীক মটৰচাইকেল প্ৰদান :

Aiidesh News : 15 August - 2025 :

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালকালয় প্ৰাংগনত ক্ষেত্ৰ সঞ্চালক, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক, ভাৰতীয় বন সেৱাৰ বিষয়া, অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা প্ৰাপক ড°সোনালী ঘোষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত স্বাধীনতা সংগ্ৰামী সকলৰ পবিত্ৰ সোঁৱৰণত আৰু বন ছহীদৰ পবিত্ৰ সোঁৱৰণত ক্ষেত্ৰ সঞ্চালক গৰাকীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে কেইদিনমান আগতে মৃত্যু বৰণ কৰা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ কৰ্মচাৰী বিমান বৰা আৰু দশমী দুৱৰাৰ মৃত্যুৰ সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থকা সহকাৰী বন সংৰক্ষকদ্বয় বুবুল বৰুৱা, জয়ন্ত দাস, বোকাখাতৰ বনাঞ্চলিক বিষয়া  মনজিত সোণোৱাল, পশু চিকিৎসক ডা° সৌৰভ বৰগোহাঁই, অধীক্ষক গীতাঞ্জলি কলিতা সমন্বিতে বিষয়া কৰ্মচাৰী সকলে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । অনুষ্ঠানত অসম বন সুৰক্ষা বাহিনী আৰু বিশেষ গঁড় সুৰক্ষা বাহিনীৰ জোৱান সকলে কুচ-কাৱাজ প্ৰদৰ্শন কৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ক্ষেত্ৰ সঞ্চালক মহোদয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অধীনৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলক বন্যপ্ৰাণী সুৰক্ষাৰ কাৰ্যত ব্যৱহাৰ কৰিব পৰাকৈ ৬ খন মটৰ চাইকেল আজিৰ অনুষ্ঠানতে প্ৰদান কৰে । 

***********