বোকাখাতত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণত বৈষম্য : ৰাজহুৱা সভাত ৰাইজৰ অভিযোগ :

বোকাখাতত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণত বৈষম্য : ৰাজহুৱা সভাত ৰাইজৰ অভিযোগ :
Aiidesh Photo

Aiidesh News : 17 March - 2026 :

বোকাখাতত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয়পথ নির্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত বৈষম্যৰ অভিযোগ তুলি বোকাখাতৰ কৈলাখাট গাঁৱত অধিগ্ৰহণ কৰা ভূমিৰ পট্টাদাৰসকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় ৷ কৈলাখাটৰ পঞ্চায়ত ভৱনত অনুষ্ঠিত এই সভাত বোকাখাত সমজিলাৰ কাজিৰঙা মৌজাৰ অন্তর্গত কলাখোৱা, বালিজান, ম’হমাইকী, গড়মূৰ আদি বিভিন্ন স্থানৰ ৰাইজ আৰু পট্টাদাৰ সমবেত হয় ৷ উল্লেখ্য যে এই অঞ্চলেদিয়ে পাৰহৈ যাব প্ৰস্তাৱিত কলিয়াবৰৰ পৰা নুমলীগড় সংযোগী   চাৰিলেনযুক্ত ৰাষ্ট্ৰীয়পথ । এই পথ নির্মাণৰ প্ৰাথমিক কামকাজ ইতিমধ্যে  দ্ৰুতগতিত আগবাঢ়িছে ৷ ইয়াৰে বোকাখাতৰ মাজেৰে নির্মাণ হ’বলগা পথচোৱা বোকাখাতৰ লতাবাৰীত আৰম্ভ হৈ বোকাখাত চহৰৰ দক্ষিণ দিশে কলাখোৱা, ম’হমাইকী, গড়মূৰ গাঁও হৈ লখৌজানলৈকে বিস্তাৰিত হ’ব ৷ ইতিমধ্যে চাৰিলেনযুক্ত এই পথ নির্মাণৰ যাৱতীয় প্ৰস্তুতিৰ বাবে জৰীপ আদি সম্পন্নও হৈছে ৷ এই পথৰ বাবে অধিগ্ৰহণ কৰিব লগা ভূমিৰ গৰাকীলৈ প্ৰশাসনৰ তৰফৰ পৰা নির্দেশনা জাৰি কৰা হৈছে ৷ ভূমিৰ গৰাকী সকলক অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ পাবৰ বাবে যাৱতীয় নথি-পত্ৰসহ গোলাঘাটৰ জিলা আয়ুক্তৰ ওচৰত শপতনামা দাখিল কৰিবলৈ নির্দেশনাত কোৱা হৈছে ৷ 

দেওবাৰে অনুষ্ঠিত এই সভাত ভূমিসমূহৰ ক্ষতিপূৰণৰ দৰ নির্দ্ধাৰণৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এই অঞ্চলৰ জনসাধাৰণে ৷ অভিযোগ অনুসৰি, কাজিৰঙা মৌজাৰ অন্তর্গত কলাখোৱা, বালিজান আদি গাঁৱৰ অধিগৃহীত ভূমিৰ ক্ষতিপূৰণ আৰু বোকাখাত মৌজাৰ অন্তর্গত ম’হমাইকী গাঁৱৰ অধিগৃহীত ভূমিৰ নির্দ্ধাৰিত ক্ষতি পূৰণৰ মাজত যথেষ্ট ব্যৱধান দেখা গৈছে বুলি স্থানীয় জনসাধাৰণে জনাইছে ৷ 

এই অভিযোগৰ আধাৰতে কৈলাখাত গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত আয়োজিত সভাত কাজিৰঙা মৌজাৰ কলাখোৱা, বালিজান আদি ঠাইৰ তুলনাত বোকাখাত মৌজাৰ ক্ষতিপূৰণ দহগুণ পর্যন্ত অধিক নির্দ্ধাৰণ কৰা হৈছে বুলি আলোচনা হয় ৷ ইয়াৰ উদাহৰণ দাঙি ধৰি সভাত ৰাইজে জনায় যে, বোকাখাত মৌজাৰ অন্তর্গত ম’হমাইকী গাঁৱত যদি এবিঘা মাটিৰ বাবদ ত্ৰিশলাখ টকাৰ ক্ষতিপূৰণ নির্দ্ধাৰণ কৰি হৈছে, কাজিৰঙা মৌজাৰ অন্তর্গত একেধৰণৰ এবিঘা মাটিৰ বাবদ নির্দ্ধাৰণ কৰা ক্ষতিপূৰণ মাত্ৰ তিনিলাখ টকা ৷ এয়া এক গুৰুতৰ বৈষম্য বুলি সভাত স্থানীয় লোকে অভিযোগ উত্খাপন কৰে ।  এই বৈঠকত সকলোকে সমান হাৰত ক্ষতিপূৰণ দিয়াৰ লগতে ক্ষতিপূৰণৰ পৰিমাণ বর্তমান নিৰিখৰ হাৰত নির্দ্ধাৰণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ৷ পুলিন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত স্থানীয় ভূমি পট্টাদাৰ সকল সমবেত হোৱা উপকিও অঞ্চলটোৰ কেইবাগৰাকীও পট্টাদাৰে বক্তব্য আগবঢ়ায় ৷ এই সন্দর্ভত ভুক্তভোগী ৰাইজৰ মাজত সমন্বয় স্থাপনৰ কাৰণে সভাতে পুলিন হাজৰিকাক সভাপতি আৰু জিতু বড়িক সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হয় ৷ সমিতিখনে ৰাইজক চুক্তিনামা দাখিল কৰাৰ লগতে ক্ষতিপূৰণ সন্দর্ভত কর্তৃপক্ষক অভিযোগ দাখিল কৰিবলৈ সহযোগিতা আগবঢ়াব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷

*******