আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীত প্ৰথমটো দলক বন্যপ্ৰাণী জেনেটিক্স আৰু ফৰেনছিকৰ প্ৰশিক্ষণ :
Aiidesh News : 3 April - 2026 :
আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা "এপ্লিকেচনচ অৱ ডি এন এ টেকন'লজি ইন ৱাইল্ড লাইফ জেনেটিক্স এণ্ড ফৰেনচিকচ" শীৰ্ষক আঠদিনীয়া এক ব্যৱহাৰিক প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয় । ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত আঠগৰাকী গৱেষক আৰু শিক্ষাবিদক বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কীয় আধুনিক আণৱিক আৰু ফৰেনচিক প্ৰযুক্তি সম্পৰ্কত পাঠদানৰ লগতে নমুনা সংগ্ৰহ আৰু পৰীক্ষাগাৰত অনুশীলনকে ধৰি হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
এই কাৰ্যসূচীত ডি এন এ সংগ্ৰহ, পলিমেৰেজ চেইন ৰিয়েক্সন (পি চি আৰ), জেনেটিক মাৰ্কাৰ তথ্য বিশ্লেষণ, ফাইলোজেনী ৰিকনষ্ট্ৰাকচন, জেনেটিক ডাইভাৰচিতি এচেছমেণ্ট, আৰু ডি এন এ তথ্যৰ ভিত্তিত ফৰেনছিক চিনাক্তকৰণ আদি মূল বিষয়সমূহ সামৰি লোৱা হয় । আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স বিভাগৰ সঞ্চালক তথা মূৰব্বী উদয়ন বৰঠাকুৰে কয়, "অংশগ্ৰহণকাৰী সকলক নমুনা সংগ্ৰহৰ পৰা বিশ্লেষণলৈকে ব্যৱহাৰিক অভিজ্ঞতাৰে সমৃদ্ধ কৰা হৈছে । আমি নিশ্চিত যে এই গোটে এই দক্ষতাসমূহ গৱেষণা, নিৰীক্ষণ আৰু ফৰেনচিক তদন্তৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব আৰু ই বন্যপ্ৰাণীৰ সংৰক্ষণ বৃদ্ধিত সহায় কৰিব। ২৯ এপ্ৰিলৰ দিনা গুৱাহাটীৰ হোটেল নক্ষত্ৰত আৰণ্যকৰ জ্যেষ্ঠ বিষয়ববীয়া আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধি বৰ্গৰ উপস্থিতিত অনুষ্ঠিত সামৰণি অনুষ্ঠানত আঠজন অংশগ্ৰহণকাৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ।
অনুষ্ঠানত অংশগ্ৰহণ কৰি আৰণ্যকৰ কাৰ্যবাহী সঞ্চালক ড০ বিভৱ কুমাৰ তালুকদাৰে কয় যে এই কাৰ্যসূচীয়ে অঞ্চলটোৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু ফৰেনচিক তদন্তকাৰী সকলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব । জিনীয় কৌশলৰ ব্যৱহাৰিক দক্ষতাই পেছাদাৰীসকলক বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে যুঁজত আইনী প্ৰক্ৰিয়াত সহায়ক হোৱা আৰু সৱল বৈজ্ঞানিক প্ৰমাণ সৃষ্টি কৰাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । আনহাতে ছাত্ৰ-ছাত্ৰী, গৱেষক, আৰু শৈক্ষিক পেছাদাৰীসকলৰ বাবে প্ৰস্তুত কৰা নিৰ্দিষ্ট প্ৰশিক্ষণ মডিউলৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ বিজ্ঞান আৰু সংৰক্ষণ খণ্ডত মানৱশক্তিৰ বিকাশৰ বাবে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি উদয়ন বৰঠাকুৰে কয়, “প্ৰশিক্ষণৰ পৰৱৰ্তী সময়ত আমি অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ ভৱিষ্যতৰ গৱেষণা আৰু সংৰক্ষণৰ কামত ডি এন এ প্ৰযুক্তি প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো দিহা-পৰামৰ্শ দিম।”
উদয়ন বৰঠাকুৰ আৰু ড: প্ৰাঞ্জল কুমাৰ দাস সমন্বিতে পৰীক্ষাগাৰ বিশেষজ্ঞসকলে অংশগ্ৰহণকাৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বায়'টেকন'লজি বিভাগৰ সহকাৰী অধ্যাপক ড: প্ৰাঞ্জন বৰ্মন; মলিকুলাৰ বায়'লজি আৰু বায়'টেকন'লজি বিভাগৰ সহকাৰী অধ্যাপক ড: ৰাজু ভৰালী আৰু গুৱাহাটীৰ ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ জ্যেষ্ঠ কাৰিকৰী বিষয়া ড° সৌৰভ মহন্ত আদি সমল ব্যক্তিসকলে ডি এন এ প্ৰযুক্তি আৰু বায়' ইনফৰ্মেটিকছ টুলছ সম্পৰ্কীয় অধিবেশন পৰিচালনা কৰে । উল্লেখ্য যে বন্যপ্ৰাণীৰ জেনেটিক্স আৰু ফৰেনছিক ডি এন এ বিশ্লেষণেৰে বন্যপ্ৰাণীৰ অপৰাধৰ তদন্তকাৰী সংস্থাসমূহক সহায় আগবঢ়োৱা আৰন্যকৰ এই বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰী হৈছে বি এন এছ এছ, ২০২৩ৰ ৩২৯(৪) নং ধাৰাৰ অধীনত চৰকাৰে অধিসূচিত কৰা উত্তৰ-পূব ভাৰতৰ একমাত্ৰ এনে প্ৰতিষ্ঠান ।
********



