বোকাখাতত জি এন আৰ চিৰ উদ্যোগত বিনামুলীয়া স্বাস্থ্য শিৱিৰ : তিনি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা :

বোকাখাতত জি এন আৰ চিৰ উদ্যোগত বিনামুলীয়া স্বাস্থ্য শিৱিৰ : তিনি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা :
Aiidesh photo
বোকাখাতত জি এন আৰ চিৰ উদ্যোগত বিনামুলীয়া স্বাস্থ্য শিৱিৰ : তিনি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা :
বোকাখাতত জি এন আৰ চিৰ উদ্যোগত বিনামুলীয়া স্বাস্থ্য শিৱিৰ : তিনি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা :

Aiidesh News :  30 April - 2026 :

গুৱাহাটীৰ নিউৰ’লজিকেল ৰিচাৰ্চ চেন্টাৰ চমুকৈ জি এন আৰ চিৰ উদ্যোগত বোকাখাত নিৰ্মান গোট আৰু জেষ্ঠ নাগৰিক মঞ্চৰ সহযোগত আজি বোকাখাত এটা বিনামুলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত হয় । বোকাখাতৰ বাৰোৱাৰী পূজা মণ্ডপত হোৱা এই বিনামুলীয়া স্বাস্থ্য শিৱিৰত জি এন আৰ চিৰ হৈ স্নায়ু ৰোগ বিশেষজ্ঞ ডা০ বিবেকানন্দ লাহন আৰু ডা০ কামিল, হৃদৰোগ বিশেষজ্ঞ ডা০ জয়ন্ত গগৈ, শৈল্যচিকিৎসক ডা০অনিল বৰুৱা আৰু মেডিচিন বিশেষজ্ঞ অমাত্য ভুঞাই বোকাখাতৰ জেষ্ঠ নাগৰুকৰ লগতে তিনি শতাধিক ৰোগীৰ বিনামুলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে পৰামৰ্শ আৰু বিনামুলীয়া ঔষধৰ যোগান ধৰে । জি এন আৰ চিৰ জেষ্ঠ সমন্বয়ক ইমতাজুদ্দিন আহমেদে পৰিচালনা কৰা এই শিৱিৰত জি এন আৰ চিৰ হৈ মৌচুমী দুৱৰা শইকীয়া, ৰিম্পী শইকীয়া , আকাশ পাঠৰী আদি ১৫ জনীয়া স্বাস্থ্য কৰ্মীৰ দলে সেৱা আগবঢ়ায় । বোকাখাতত এই শিৱিৰ আয়োজিত কৰাৰ বাবে বোকাখাত নিৰ্মান গোট আৰু বোকাখাতৰ জেষ্ঠ নাগৰিক মঞ্চৰ তৰফৰ পৰা জি এন আৰ চিক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে জি এন আৰ চিৰ জেষ্ঠ সমন্বয়ক ইমতাজুদ্দিন আহমেদৰ নেতৃত্বতে বোকাখাতৰ পৰা জি এন আৰ চি লৈ ৰোগী নিবৰ বাবে বিনামুলীয়া এম্বুলেঞ্চ সেৱাও আগবঢ়োৱা হৈছে বুলি অৱগত কৰিছে |.

*********