বৰ্হিৰাষ্ট্ৰ নেপালৰ লগতে পশ্চিম বংগ, ত্ৰিপুৰা, দিল্লীলৈ বোকাখাত সমজিলাৰ চহলা পথাৰৰ ৰঙালাউ : পুৰ্বৰ কৃষিবৰ্ষতকৈ লাভান্বিত হৈছে কৃষক :
Aiidesh News : 24 April - 2026 :
বোকাখাত সম জিলাৰ চহলা পথাৰৰ পৰা কৃষিবৰ্ষ আৰম্ভনীতেই বৰ্হিৰাষ্ট্ৰ আৰু দেশ অনান্য ৰাজ্যলৈ গৈছে স্থানীয় কৃষকসকলে দুহেজাৰ বিঘাতকৈও অধিক কৃষিভূমিত উৎপাদন কৰা ৰঙালাউ । ২২ এপ্ৰিলৰ দিনা এইখন পথাৰৰ পৰাই বৰ্হিৰাজ্য দিল্লী, পশ্চিম বংগ, ত্ৰিপুৰা আৰু বৰ্হিৰাষ্ট্ৰ নেপাললৈ ৰঙালাউ প্ৰেৰণ কৰে চহলা আৰু যোগনীয়াআটি গাওঁৰ কৃষক সকলে । ২৩ এপ্ৰিলত ৩০ টন ৰঙালাও পশ্চিম বংগলৈ প্ৰেৰণ কৰিছে চহলা গাওঁৰ কেৱল ছেত্ৰীয়ে । উল্লেখ্য যে চহলা অঞ্চলটোৰ কৃষক সকলে উৎপাদন কৰা ৩ হেজাৰ টনকৈও অধিক ৰঙালাউ ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰি লাভৱান হৈছে । ২২ এপ্ৰিলৰ দিনা বোকাখাতৰ প্ৰাক্তন বিধায়ক অতুল বৰাই চহলা পথাৰলৈ গৈ কৃষক সকলৰ ৰঙলাউৰ খেতি পৰিদৰ্শন কৰি কৃষক সকলৰ সমস্যাৰো বুজ লয় । বোকাখাতৰ মহকুমা কৃষি বিভাগ, নুমলীগড় শেধানাগাৰ আৰু কৃষক সকলে গঠন কৰা বিহংগম কৃষি উৎপাদন কোম্পানী নামৰ গোটৰ সহযোগত অঞ্চলটোৰ প্ৰায় দুই শতাধিক কৃষকে দুহেজাৰ বিঘা মাটিত ৰঙালাউৰ খেতি কৰিছে । এই খেতিৰ বাবে নুমলীগড় শোধনাগাৰে এশ গৰাকী কৃষকক ৰঙালাউৰ বীজৰ যোগান ধৰাৰ বিপৰীতে বিহংগম কৃষি উৎপাদন কোম্পানীয়ে বাকী থকা কৃষকক বীজৰ যোগান ধৰিছিল । এতিয়া পথাৰ ভৰি উৎপাদন হোৱা ৰঙালাউ নেপাল, ত্ৰিপুৰা, পশ্চিম বংগ আৰু দিল্লীলৈ প্ৰেৰণ কৰিছে কৃষকে । সম্প্ৰতি প্ৰতি কিলোগ্ৰামত ১৪.৫০ টকা হিচাপত ৰঙালাউ বিক্ৰী কৰা বুলি জনায় কৃষক সকলে । যোৱা বছৰ ৰঙালাওৰ দাম প্ৰতি কিলোত ৩ ৰ পৰা ৪. ৫০ টকাকৈহে পাইছিল যদিও এইবাৰ কৃষি বৰ্ষৰ আৰম্ভনীতে ১৪.৫০ টকা দৰত ৰঙালাউ বিক্ৰী কৰি লাভৰ মুখ দেখিছে কৃষক সকলে।
পুৰ্বতকৈ লাভ হলেও আমি বজাৰত পোনপতীয়াকৈ এতিয়াও বিপনন কৰিব পৰা নাই । সম্প্ৰতি বিভিন্ন এজেন্টৰ জড়িয়তেহে আমি ৰঙালাউ ৰাষ্ট্ৰীয় আৰু আন্ত: ৰাষ্ট্ৰীয় বজাৰলৈ পঠাইছো। আজিৰ তাৰিখত দিল্লীত ৰঙালাউৰ দাম ২২ টকা । কিন্তু এজেন্টৰ জড়িয়তে ৰঙালাউ প্ৰেৰণ কৰাৰ বাবে আমি ২২ টকা পাব পৰা নাই । বজাৰৰ লগত পোনপতীয়া সংযোগ আমি বিছাৰিছো , যাতে আমাৰ কৃষক সকল লাভৱান হয় বুলি জনায় চহলা দক্ষ কৃষক কেৱল ছেত্ৰীয়ে । কেৱল ছেত্ৰীয়ে ২২ এপ্ৰিলৰ দিনা চহলা পথাৰৰ পৰা দিল্লীলৈ ১৭ টন আৰু বিহংগম কৃষি উৎপাদন কোম্পানীয়ে নেপাললৈ ২৮ টন ৰঙালাউ প্ৰেৰণ কৰিছে । বৃহৎ পৰিমানৰ ৰঙালাউ প্ৰেৰণ কৰাৰ সময়ত আমি গাড়ীত ৰঙালাউ লোডিং কৰাৰ সমস্যাৰো সন্মুখীন হৈছো যদিও আমি লাভৱান হৈছো বুলি জনায় কেৱল ছেত্ৰীয়ে। বোকাখাতৰ চহলা পথাৰত উৎপাদন হোৱা পৰ্যাপ্ত ৰঙালাওকলৈ অঞ্চলটোত ৰঙালাউৰ গুটি আৰু অনান্য খাদ্য সামগ্ৰী প্ৰস্তুতৰ উদ্যোগ স্থাপনৰো প্ৰচুৰ সম্ভাৱনা আছে।
********



