বোকাখাতৰ এটি দুৰ্ভগীয়া শিশু : চিকিৎসাৰ সহায় বিচাৰি হাহাকাৰ পিতৃ মাতৃৰ :

বোকাখাতৰ এটি দুৰ্ভগীয়া শিশু  : চিকিৎসাৰ সহায় বিচাৰি হাহাকাৰ পিতৃ মাতৃৰ  :
Aiidesh photo

Aiidesh News : 11 August - 2025  :

বোকাখাতৰ এটি ১৮ মহীয়া দেৱ শিশু। নাম নৱাৰুণ বৰুৱা ৷ শিশুটিক লৈ এতিয়া সমস্যাত পৰিছে পৰিয়ালৰ লোক, পিতৃ মাতৃ ৷ শিশুটিৰ নাই এটা বৃক্ক, আনটো বৃক্কও প্ৰায় নষ্ট হৈছে। নৱাৰুণৰ পিতৃৰ নাম ঋতু বৰুৱা আৰু মাতৃৰ নাম গায়ত্ৰী ৰাজখোৱা বৰুৱা। ঘৰ বোকাখাতৰ কুৰুৱাবাহী সত্ৰত। শিশুটিৰ চিকিৎসাৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ ফুৰোতে পৰিয়ালটোয়ে ইতিমধ্যাই ৪ লক্ষাধিক টকা ব্যয় কৰিব লগা হ'ল। এতিয়া চিকিৎসকে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়াৰ পৰামৰ্শ দিছে। তাত সকলো পৰীক্ষা নিৰীক্ষা পুনৰ নতুনকৈ কৰিব লাগিব । প্ৰয়োজন হ'ব ১০ লাখৰো অধিক টকাৰ । পিতৃ ঋতু বৰুৱা নৱ নিযুক্ত এজন শিক্ষক। চাকৰি নগাঁৱৰ ধিঙৰ ভিতৰুৱা অঞ্চলত। অলপতে এক দুৰ্ঘটনাত পতিত হৈছিল তেওঁ। এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠাই নাই ৷ সন্তানৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ অভাৱ। বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ বোকাখাতত থকা কাৰ্যালয়ত সহায় বিচাৰি আবেদন কৰিছিল দুৰ্ভগীয়া শিশুটিৰ মাতৃ গায়ত্ৰী ৰাজখোৱা বৰুৱাই। আশা কৰিছে তেখেতে আগ বঢ়াব সহায়ৰ হাত । মাতৃ গৰাকীয়ে একমাত্ৰ সন্তানৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰো সহায় সহযোগিতাৰ বাবে প্ৰাৰ্থনা জনাইছে। সম্প্ৰতি দ্ৰুতগতিত হ্ৰাস পাইছে শিশুটিৰ ওজন। এতিয়া ওজন মাত্ৰ ৮ কিলোগ্ৰাম । সেয়েহে আৱশ্যক হৈছে জৰুৰী অৰ্থ সাহায্যৰ । পুত্ৰৰ চিকিৎসাৰ বাবে এতিয়া অৰ্থ সাহাৰ্য বিচাৰি হাহাকাৰ কৰিছে বোকাখাতৰ ঋতু বৰুৱা আৰু মাতৃ গায়ত্ৰী ৰাজখোৱা বৰুৱাই ৷

**********