কাজিৰঙাত তথ্যচিত্ৰ সমাৰোহ : ডা০ ৰবীন বেনাৰ্জীৰ তথ্য চিত্ৰৰ উপৰিও চাৰিখনকৈ তথ্যচিত্ৰ প্ৰদৰ্শন : আলোচনাচক্ৰ :
Aiidesh News : 20 December - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত ভাৰতৰ আগশাৰীৰ সংগঠন চেন্টাৰ ফ'ৰ মেডিয়া ষ্টাডিজৰ সহযোগত আজি দিন জোৰা কাৰ্যসুচীৰে ‘ঐতিহাসিক লেন্সৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণ ‘ শীৰ্ষক এক তথ্যচিত্ৰ সমাৰোহ অনুষ্ঠিত হয় । এই সমাৰোহতে প্ৰথম বাৰৰ ডা০ ৰবীণ বেনাৰ্জীৰ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰাৰ বন কনভেনচন চেণ্টাৰত অনুষ্ঠিত এই তথ্যচিত্ৰ সমাৰোহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি, স্থানীয় শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও স্থানীয় সংবাদকৰ্মী সকল আৰু বেচৰকাৰী প্ৰকৃতি সংগঠনৰ প্ৰতিনিধি সকলো উপস্থিত থাকে । পুৱা কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা এই তথ্যচিত্ৰ সমাৰোহৰ বিশেষ অনুষ্ঠানত নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ সমুদ্ৰগুপ্ত কাশ্যপে মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰাৰ বিপৰীতে চি চেন্টাৰ ফ'ৰ মেডিয়া ষ্টাডিজৰ সঞ্চালক প্ৰধান ড০ পি এন বাসন্তীয়ে সন্মানীয় অতিথি হিচাবে অংশগ্ৰহন কৰে । তথ্যচিত্ৰ সমাৰোহত তথ্যচিত্ৰ সমাৰোহত ডা০ ৰবীন বেনাৰ্জীৰ কাজিৰঙা, চম্পক ডেকাৰ গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো, কৃষ্ণেন্দু বোসৰ হিৰোজ অৱ দ্যা ৱাইল্ড ফ্ৰন্টিয়াৰচ : দ্যা বেটল অফ দ্যা হৰ্ণ আৰু সন্দেশ কাডুৰ নৰ্থ ইষ্ট ডায়েৰী তথ্যচিত্ৰ প্ৰদৰ্শনৰ সমান্তৰালকৈ বন্যপ্ৰাণীৰ প্ৰতিবেদনত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এক আলোচনা চক্ৰও অনুষ্ঠিত হয় । বিশিষ্ট সাংবাদিক মুবিনা আখতাৰে সঞ্চালনা কৰা এই আলোচনাত সমুদ্ৰগুপ্ত কাশ্যপ, বিশিষ্ট সাংবাদিক প্ৰনয় বৰদলৈ, নৰ্থ ইষ্ট নাওঁৰ সম্পাদক অৰ্ণিবান ৰয়, চেন্টাৰ ফ'ৰ মেডিয়া ষ্টাডিজৰ উপ সঞ্চালক ড০ সব্যসাচী ভাৰতী, কাজিৰঙাৰ জেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই অংশগ্ৰহন কৰে ।
এই আলোচনাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় আৰু সক্ৰিয়তাৰে কাম কৰি থকা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰো এক বিশেষ বৈঠক অনুষ্ঠিত হয় । পৰিৱেশ কৰ্মী উত্তম শইকীয়া, বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীপ শৰ্মা, সঞ্চালক কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতা আৰু সমাজবিজ্ঞানী বিপাঞ্চি তামুলীয়ে আঁত ধৰা এই বৈঠকত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ বিভিন্ন সমস্যা আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কত আলোচনা কৰা হয় লগতে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি বোৰৰ জৈৱ বৈচিত্ৰতাৰ ওপৰতো আলোচনা কৰা হয় লগতে পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি বোৰৰ জৈৱ বৈচিত্ৰতাৰ ওপৰতো আলোচনা কৰা হয় ।
বিয়লিলৈ বিবেকানন্দ কেন্দ্ৰ আৰু ৰবীন বেনাৰ্জী ট্ৰাষ্টৰ উদ্যোগত ১৯৭১ চনত নিৰ্মান কৰা ডা০ ৰবীন বেনাৰ্জীৰ কাজিৰঙা শীৰ্ষক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় । অনুষ্ঠান প্ৰাকক্ষনত পৰৱৰ্তী সময়ত ৰবীন বেনাৰ্জী ট্ৰাষ্টৰ সচিব শোভাৰানী বৰকটকীয়ে ট্ৰাষ্ট আৰু ডাা০ ৰবীন বেনাৰ্জীৰ সংগ্ৰাহালয়ৰ বিষয়ে সকলোকে অৱগত কৰে । প্ৰথমবাৰৰ বাবে কাজিৰঙাত প্ৰদৰ্শিত হোৱা ডা০ ৰবীন বেনাৰ্জীৰ তথ্যচিত্ৰই সকলোকে আপ্লুত কৰে আৰু প্ৰদৰ্শনৰ শেষত তথ্যচিত্ৰ খনৰ ওপৰত আলোচনাও অনুষ্ঠিত হয় ।
************







