টাই আহোম আৰু চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন : সজাগতা সভা :

টাই আহোম আৰু চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন  : সজাগতা সভা  :
Aiidesh Photo
টাই আহোম আৰু চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন  : সজাগতা সভা  :

Aiidesh News  : 27 June - 2025  :

বোকাখাতৰ টাই আহোম ছাত্ৰ সন্থা আৰু বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বোকাখাতৰ আৰক্ষী প্ৰশাসনৰ সহযোগত ২৬ জুনত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত আন্তর্জাতিক ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত সজাগতা সভাৰ আঁত ধৰে চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক লাচিত কাকতীয়ে ৷ আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে ৷ সভাত বোকাখাত সম জিলাৰ সহকাৰী আয়ুক্ত অংকিতা বৰুৱা, বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, সম্পাদক উত্তম শইকীয়া কঁহৰা আৰক্ষী চকীৰ উপ পৰিদৰ্শক বৰষা দেউৰী, অধ্যাপক প্ৰশান্ত শইকীয়া, চুতীয়া ছাত্ৰ সন্থাৰ বোকাখাত গোটৰ সভাপতি মন্টু শইকীয়া, গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সম্পাদক ৰুদ্ৰ ছেত্ৰী, চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখাৰ সভাপতি অমৃত সাগৰ আৰু সম্পাদক কৃষাণ তাঁতী , ছাত্ৰ একতা সভাৰ সভাপতি সৌৰভ গগৈৰ উপৰিও ছাত্ৰ সংগঠন কেইটাৰ সদস্য আৰু কৰ্মকৰ্তাও উপস্থিত থাকে ৷ উপস্থিত আৰু আমন্ত্ৰিত ব্যক্তি সকলে ড্ৰাগচ ব্যৱহাৰ, ইয়াৰ ভয়াবহতা, অৰ্থনৈতিক আৰু মানসিক প্ৰভাৱ, আন্তৰাষ্ট্ৰীয় চোৰাং বজাৰৰ উপৰিও ড্ৰাগচ আসক্তিৰ পৰা পৰিত্ৰানৰ উপায় আদিৰ বিষয়ত উপস্থিত ছাত্ৰ ছাত্ৰী সকলক ব্যাখ্যা কৰে ৷ সভাৰ শেষত টাই আহোম ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা গোটৰ সভাপতি বিজয় ফুকনে শলাগৰ শৰাই আগবঢ়োৱাৰ উপৰিও অধ্যাপক কৃষ্ণ ৰংপীয়ে উপস্থিত সকলোকে সমাজৰ পৰা ড্ৰাগচৰ প্ৰচলন বন্ধ কৰাৰ বাবে শপত বাক্য পাঠ কৰোৱায় ৷

***********