বোকাখাতৰ পানবাৰীৰ কৃষিপাম নিগমত থকা চি আৰ পি এফ শিৱিৰত সন্দেহযুক্ত গ্ৰেনেড বিস্ফোৰণ : তিনিজন জোৱান আহত :
Aiidesh News : 24 June - 2025 :
বোকাখাতৰ পানবাৰী কৃষিপাম নিগমৰ বাকৰিত থকা চি আৰ পি এফৰ কেম্পত আজি সন্ধ্যা এক বিস্ফোৰণ সংঘৰ্টিত হয় । কেম্পৰ ভিতৰত হোৱা এই গ্ৰেণেড বিস্ফোৰণত কেম্পটোত থকা তিনিজন আৰক্ষীৰ বেটেলিয়ৰ জোৱান আহত হয় । জানিব পৰা মতে মটৰ চাইকেলত অহা দুজন আৰোহীয়ে নিশাৰ আন্ধাৰত কেম্পটোলৈ গ্ৰেনেড দলিয়াই যায় বুলি জানিব পৰা গৈছে ৷ এই গেৰেডৰ বিস্ফোৰণত অসম আৰক্ষীৰ ৩ জন জোৱান আহত হয় । আহত জোৱান কেইজন হ'ল সিদাৰ্থ বৰবৰা, মিণ্টু হাজৰিকা আৰু সুশীল ভূমিজ । আহত জোৱানক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ঘটনাস্থলীত বোকাখাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
ঘটনাৰ পিচতেই পানবাৰী কৃষি পামৰ কেন্দ্ৰীয় ৰিজাৰ্ফ পুলিচ ফৰ্চৰ শিৱিৰৰ ঘটনাস্থলী পৰিদৰ্শন কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জাৰ্নিগেলে ৷ আৰক্ষী অধীক্ষক গৰাকীৰ মতে কোনো হতাশগ্ৰস্ত অপৰাধী বা গঁড়ৰ চোৰাংচিকাৰী এই ঘটনাত জড়িত থকাৰ সন্দেহ আছে ৷ বিগত সময় চোৱাত গোলাঘাট আৰক্ষীয়ে ৫০ টাতকৈও আধিক চোৰাচিকাৰী কৰায়ত্ব কৰাৰ উপৰিও দুটা চিকাৰীৰ এনকাউন্টাৰত মৃত্যু হৈছে, এটা এ কে ৪৭ আৰু এটা এ কে ৫৬ ৰাইফলকলৈ ১১ টাকৈ আগ্নিয়াস্ত্ৰ গঁড় চিকাৰীৰ পৰা জব্দ কৰাৰ উপৰিও আমি ১০ টাতকৈও অধিক গঁড় হত্যাৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ সক্ষম হৈছো ৷ ইয়াৰ উপৰিও ড্ৰাগচ ব্যৱসায়ীৰ ক্ষেত্ৰতো আমি কঠোৰ স্থিতি গ্ৰহন কৰিছো ৷ এনে পটভুমিতেই হতাশগ্ৰস্ত গঁড় চিকাৰী বা হতাশগ্ৰস্ত অপৰাধীয়েই এই কাম কৰা বুলি আমি সন্দেহ কৰিছো ৷ অৱশ্যে এতিয়াও আমি নিশ্চিত নহয় ৷ বিষয়া গৰাকীৰ মতে আৰক্ষীৰ অভিযান চলাই থকা হৈছে আৰু অচিৰেই ভাল খবৰ পোৱাৰ আশাও আছে ৷ ঘটনাত আৰক্ষী জোৱান কেইগৰাকীয়ে তেনেকোনো গুৰুত্বৰ আঘাত নাই পোৱা বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে পানবাৰী কৃষিপামৰ এই শিৱিৰক চি আৰ ৰি এফ কেম্প বুলি কোৱা হয় যদিও সম্প্ৰতি এই কেম্পত আৰক্ষীৰ বেটেলিয়ানৰ জোৱানহে আছিল ৷ ঘটনাৰ খবৰ পোৱাৰ পিচতেই কেবিনোট মন্ত্ৰী অতুল বৰাই বোকাখাতৰ অসামৰিক চিকিৎসালয়লৈ গৈ ঘটনাত আহত হোৱা জোৱান কেই গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷