কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ সুদীৰ্ঘ দিন সেৱা আগবঢ়োৱা মোহনমালাৰ মৃত্যু : বিভাগীয় মৰ্যদাৰে শেষকৃত সম্পন্ন  :

Aiidesh News  : 14 August - 2025  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিভাগীয় হাতী মোহনমালাই কাজিৰঙাৰ বাবে বিগত ৩৩ বছৰ সেৱা আগবঢ়াই  আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত মোহনমালাৰ বয়স হৈছিল প্ৰায় ৭৮ বছৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় হাতীৰ তথ্য ৰখা ষ্টাগ বুকৰ পৰা সংগৃহীত তথ্য মতে ১৯৭০ চনৰ ১৭ মে’ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় কামত নিয়োগ কৰা হৈছিল মোহনমালাক ৷ অতি শান্ত আৰু সাহসী মোহনমালা আছিল কোমোৰা বান্ধৰ ২.৩৪ মিটাৰ উচ্চতাৰ মাইকী হাতী ৷ ১৯৭০ চনত তদন্তাদীন অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক  দুৰ্গা প্ৰসাদ নেওঁগে বনৰ পৰা কৰায়ত্ব কৰি মানুহে কামত লগোৱা মোহনমালাক কামৰূপ জিলাৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰিছিল ৷ বিভাগীয় প্ৰবীন হাতী মাউটৰ মতে সেই সময়ত মোহনমালাৰ বয়স আছিল ২৩ বছৰ ৷ ১৯৭০ চনত মোহনমালাক ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলত কামত লগোৱা হৈছিল আৰু সেই সময়ত মোহনমালাৰ বিভাগীয় ষ্টাগ বুকৰ নম্বৰ আছিল KNP/31 ৷ কাজিৰঙাত কৰ্মৰত অৱস্থাত মোহনমালাই দুটা পোৱালীৰ জন্ম দিছিল ৷ মোহনমালাৰ পোৱালী মালতী ১৭ বছৰ বয়সত মৃত্যু বৰণ কৰাৰ বিপৰীতে দ্বিতীয় পোৱালীটো জন্মৰ মাত্ৰ তিনি দিনৰ পিচত বাঘৰ চিকাৰ হৈ মৃত্যু বৰণ কৰিছিল । ১৯৭০ চনৰ ১৭ মে’ৰ পৰাই কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত ৩৩ টা বছৰেই সেৱা আগবঢ়াই মোহনমালাই ২০০৩ চনত বিভাগীয় দায়িত্বৰ পৰা অৱসৰ গ্ৰহন কৰিছিল । অৱসৰ গ্ৰহনৰ সময়লৈকে কাজিৰঙাত চোৰাংচিকাৰী বিৰুদ্ধে চলোৱা অভিযান, পৰ্যটকক উদ্যান দৰ্শন কৰোৱা, বানপানীৰ সময়ত বনকৰ্মীক সহায় কৰা আদি বিভিন্ন কামত মোহনমালাই সেৱা আগবঢ়াইছিল ৷ বাৰ্ধক্যজনিত কাৰণত মৃত্যু বৰণ কৰাৰ পিচত আজি সম্পু্ৰ্ণ বিভাগীয় সন্মানেৰে মোহনমালাৰ কঁহৰা বনাঞ্চলতে শেষকৃত সম্পন্ন কৰা হয় ৷

***********