নতুন দিল্লীত প্ৰদৰ্শিত অসমৰ চিত্ৰশিল্পী নিৰঞ্জন নায়কৰ এক্ৰেলিক মাধ্যমৰ চিত্ৰ ‘ষ্ট্ৰাইপ অৱ ৰেচিলিয়েঞ্চ’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিনিধিত্ব কৰিছিল নিৰঞ্জনে :

নতুন দিল্লীত প্ৰদৰ্শিত অসমৰ চিত্ৰশিল্পী নিৰঞ্জন নায়কৰ এক্ৰেলিক মাধ্যমৰ চিত্ৰ ‘ষ্ট্ৰাইপ অৱ ৰেচিলিয়েঞ্চ’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিনিধিত্ব কৰিছিল নিৰঞ্জনে  :
Aiidesh Photo
নতুন দিল্লীত প্ৰদৰ্শিত অসমৰ চিত্ৰশিল্পী নিৰঞ্জন নায়কৰ এক্ৰেলিক মাধ্যমৰ চিত্ৰ ‘ষ্ট্ৰাইপ অৱ ৰেচিলিয়েঞ্চ’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিনিধিত্ব কৰিছিল নিৰঞ্জনে  :

Aiidesh News : 17 October - 2025  :

নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেন্টাৰৰ এট্ৰিয়ামত ৯ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈকে অনুষ্ঠিত হোৱা চিত্ৰৰ দ্বাৰা সংৰক্ষণ , বাঘ সংৰক্ষণ আৰু আদিবাসীৰ সাধু শীৰ্ষক এক মননশীল অনুষ্ঠানৰ নীৰৱ সংৰক্ষণ নামৰ চিত্ৰ প্ৰদৰ্শনীত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে ডিগবৈৰ চিত্ৰ শিল্পী নিৰঞ্জন নায়কে ৷ নিজৰ চিত্ৰৰ দ্বাৰা বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰি অহা চিত্ৰশিল্পী নিৰঞ্জন নায়কৰ ঢেকীয়াপতীয়া বাঘৰ এখন কেনভাচত এক্ৰেলিকেৰে অঁকা চিত্ৰই প্ৰদৰ্শনীৰ অন্যতম আকৰ্শন কেন্দ্ৰ হৈ উঠাৰ লগতে প্ৰসংশনীয় মুল্যত বিক্ৰীও হয় ৷ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উন্মোচন কৰা আৰু সংকলা ফাউণ্ডেচন আৰু ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ সৌজ্যনত আয়োজিত এই প্ৰদৰ্শনীত ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুঠ ১৭ খন ৰাজ্যৰ ২৫০ গৰাকী চিত্ৰ শিল্পীয়ে অংশগ্ৰহন কৰিছিল ৷ নিৰঞ্জন নায়কে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ শিমলু ফুল আৰু এটা কাউৰীৰ সৈতে নিৰঞ্জন নায়কে অঁকা ‘ষ্ট্ৰাইপ অৱ ৰেচিলিয়েঞ্চ’ নামৰ ঢেকীয়াপতীয়া বাঘৰ চিত্ৰ খনে অনুষ্ঠানৰ সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

ডিগবৈ মহাবিদ্যালয়ৰ পৰা জীৱ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি নিৰঞ্জন নায়কে চিত্ৰশিল্পী হিচাবে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ সৈতে জড়িত হৈ চিত্ৰৰ মাধ্যমত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কাম আৰম্ভ কৰে ৷ শেষতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এলানি চিত্ৰ অংকনেৰে বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰো কাম কৰি আছে নিৰঞ্জন নায়কে  ৷

**********