আৰণ্যকৰ উদ্যোগত শিৱসাগৰত ‘শগুন মিত্ৰ’ শীৰ্ষক সজাগতা অনুষ্ঠান :
Aiidesh News : 12 October - 2025 :
উত্তৰ পুৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণকাৰী সংস্থা আৰণ্যকৰ শগুন সংৰক্ষণ উদ্যমৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইত এলানি শগুন সংৰক্ষণ সম্পৰ্কীয় সজাগতা বিগত বৰ্ষৰ পৰা চলি আহিছে । "শগুন মিত্ৰ" নামেৰে অনুষ্ঠিত কৰা সজাগতা অনুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰী, কৃষক,গাওঁ বুঢ়া, প্ৰশাসনিক বিষয়া, কৃষি বিষয়া আদিক শগুন সংৰক্ষণৰ লগত জড়িত কৰাৰ বিশেষ প্ৰচেষ্টা হাতত লৈছে আৰণ্যকে ।
আৰণ্যকৰ উদ্যোগত অলপতে শিৱসাগৰৰ খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত শগুন মিত্ৰৰ এনে এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয় । দৃশ্য-শ্ৰাব্য মাধ্যমেৰে অনুষ্ঠিত এই অনুষ্ঠানৰ আৰম্ভণি কৰে খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আনন্দ কুমাৰ বড়াই । বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাগ্যলক্ষ্মী শইকীয়াই আঁত ধৰা আৰণ্যকৰ শগুন সম্পৰ্কীয় এক শপত গ্ৰহণেৰে আৰম্ভ কৰা অনুষ্ঠানত শগুন সম্পৰ্কীয় বিস্তৃত বাখ্যা দৃশ্য-শ্ৰাব্য মাধ্যমেৰে আগবঢ়ায় আৰণ্যকৰ পৰিৱেশ কৰ্মী হীৰেন দত্তই।
নিজৰ ভাষণ প্ৰসংগ হীৰেণ দত্তই আৰণ্যকৰ শগুন সংৰক্ষণৰ কাৰ্যসূচী অৱগত কৰাৰ লগতে আমি সজাগ নহ'লে এই ধুনীয়া তথা উপকাৰী চৰাইবিধ আমি কম দিনৰ ভিতৰতে এই বিশ্বৰ পৰা বিদায় মাগিব বুলি মন্তব্য কৰে ৷ তেখেতে শগুনৰ বাসস্থানৰ উপযোগী বৃক্ষৰোপণ, বৃক্ষ সংৰক্ষণৰ লগতে শগুনৰ অপকাৰ হোৱা কামৰ বিৰত থাকিবলৈ সকলোকে অনুৰোধ জনায় । অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী পৰিৱেশ কৰ্মী হেমন্ত টায়ে শগুনে কৰি অহা উপকাৰ আৰু সিহঁতৰ বাসস্থান সংৰক্ষণৰ ওপৰত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য যে আৰণ্যকৰ ‘শগুন মিত্ৰ’ কাৰ্যসূচীৰ নেতৃত্বত আছে আৰণ্যকৰ সচিব প্ৰধান, কাৰ্য্যবাহী নির্দেশক বিশিষ্ট পৰিৱেশ কৰ্মী ড° বিভৱ কুমাৰ তালুকদাৰ আৰু আৰণ্যকৰ উপ-সঞ্চালক আৰু আন এগৰাকী বিশিষ্ট পৰিৱেশ কৰ্মী ড° দিপাংকৰ লহকৰ । অনুষ্ঠান ৰূপায়নত সহায়ক হিচাবে আছে ৱাচিমা বেগম আৰু হীৰেন দত্ত ।
*********