বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰীক মাজুলীৰ চামগুৰি সত্ৰৰ মুখা শিল্পৰ ব্যৱহাৰিক প্ৰশিক্ষণ :

Aiidesh News : 15 July - 2025 :
বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ স্নাতক বৰ্ষৰ ২০ গৰাকী ছাত্ৰ ছাত্ৰীক মহাবিদ্যালয় কৰ্তৃপক্ষই এমাহৰ বাবে পৰম্পৰাগত মুখা শিল্পৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰিছে । মাজুলীৰ চামগুৰি সত্ৰৰ খগেন গোস্বামী আৰু প্ৰনব বৰাই মুখা শিল্পৰ সমল ব্যক্তি হিচাবে অংশগ্ৰহন কৰি এই প্ৰশিক্ষণ প্ৰদান কৰিছে । এই উপলক্ষে ১৪ জুলাইত আয়োজিত উদ্বোধনী অনুষ্ঠানত জে ডি এজ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে ছাত্ৰ ছাত্ৰী সকলক মুখা শিল্পৰ জৰিয়তে ভবিষ্যতে বিভিন্ন সম্ভাৱনা থকা বুলি অৱগত কৰে । পৰম্পৰাগত মুখা শিল্পৰ প্ৰদৰ্শন মূলক এক অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি তথা বোকাখাতৰ জেষ্ঠ সাংবাদিক ভবানন্দ কলিতাই মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক গুৰুজনাৰ সৃষ্টি এই মুখা শিল্প জীয়াই ৰখাৰ দায়বদ্ধ হ'বলৈ আহ্বান জনোৱাৰ উপৰিও এনে প্ৰশিক্ষণৰ আয়োজন কৰাৰ বাবে মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানৰ সমম্বয়ক হিচাবে মহাবিদ্যালয় খনৰ অধ্যাপক ড৹ বিজয় শৰ্মা আৰু জেষ্ঠ অধ্যাপক প্ৰশান্ত শইকীয়াও উপস্থিত আছিল ।
***********