দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ “তৃণমূল সংৰক্ষণ বঁটা ২০২৫” বিজয়ীৰ নাম ঘোষণা :
                            Aiidesh News : 1 September - 2025 :
দেশৰ অগ্ৰণী গৱেষণা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে সংস্থাটোৰ ৩৫ তম বৰ্ষপুৰ্তি লগত সংগতি ৰাখি “তৃণমূল সংৰক্ষণ বঁটা ২০২৫” আজি ঘোষণা কৰিছে । বন পৰিৱেশ আৰু বন্যপ্ৰাণী সমৰক্ষণৰ বাবে বিশেষ ভাৱে সেৱা আগবঢ়াই থকা ব্যক্তি বিশেষ আৰু গোটক এই বঁটাৰ বাবে নিৰ্বাচন কৰিছে বুলি জানিবলৈ দিছে ৷
জুৰিয়ে কৰা নিৰ্বাচন মতে কামৰূপ (মহনগৰ) জিলাৰ লখন টেৰণলৈ প্ৰয়াত মেহেৰুণ নেছা সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা আগবঢ়োৱা হৈছে আৰু নলবাৰী জিলাৰ ধ্ৰুৱজ্যোতি কলিতাক এই বঁটাৰ অধীনত জুৰিৰ “বিশেষ উল্লেখ” হিচাপে সম্বৰ্ধনাৰ বাবে বাছনি কৰা হৈছে । একেদৰে কামৰূপ (মহনগৰ) জিলাৰ অৰূপ শাণ্ডিল্যলৈ প্ৰয়াত অনন্ত বৰা সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা, তিনিচুকীয়া জিলাৰ পৰিৱেশ কৰ্মী মৃদুপৱন ফুকন আৰু কামৰূপ (মহানগৰ) জিলাৰ প্ৰমোদ কলিতাক এই বঁটাৰ অধীনত জুৰীৰ “বিশেষ উল্লেখ” হিচাপে সম্বৰ্ধনাৰ বাবে বাছনি কৰা হৈছে ।
অন্যহাতে বাকসা জিলাৰ প্ৰাঞ্জল তালুকদাৰ আৰু কোকৰাঝাৰ জিলাৰ টুনু বসুমতাৰীলৈ যুটীয়াভাৱে প্ৰয়াত ছেলিনা চুলতানা সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা আৰু নলবাৰী জিলাৰ ৰাজেশ দত্ত বৰুৱা আৰু কামৰূপ (মহানগৰ)জিলাৰ পৰিনীতা সিঙক এই বঁটাৰ অধীনত জুৰীৰ “বিশেষ উল্লেখ” হিচাপে সম্বৰ্ধনাৰ বাবে বাছনি কৰা হৈছে ।
গোট শিতানৰ বঁটাৰ ক্ষেত্ৰত নগালেণ্ডৰ খনমা প্ৰকৃতি সংৰক্ষণ আৰু ট্ৰাগোপন অভয়াৰণ্যলৈ প্ৰয়াত বিপুল দাস সোঁৱৰণী তৃণমূল সংৰক্ষণ বঁটা আৰু ওদালগুৰি জিলাৰ ধনশিৰি চিকাৰীডাঙাৰ যুটীয়া বন ব্যৱস্থাপনা সমিতি আৰু কামৰূপ (মহানগৰ) জিলাৰ “কুম্ভী কাগজ”ক এই বঁটাৰ অধীনত জুৰীৰ “বিশেষ উল্লেখৰে সম্বৰ্ধনাৰ বাবে বাছনি কৰা হৈছে ।
এই দুটা শিতানত প্ৰদান কৰিবলগা বঁটাৰ বাবে নিৰ্বাচিত পৰিৱেশ কৰ্মী আৰু গোটক বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰে গঠিত এখন পাঁচজনীয়া জুৰি সমিতিয়ে নিৰ্বাচন কৰিছে বুলি আৰণ্যকৰ “তৃণমূল সংৰক্ষণ বঁটা” উপ সমিটিৰ আহ্বায়ক জ্যেষ্ঠ জীৱ বিজ্ঞানী তথা সংস্থাটোৰ সহকাৰী সঞ্চালক ড৹ দীপাংকৰ লহকৰে জনাইছে । উল্লেখ্য যে দুয়োটা শিতানৰ বিজয়ী সকলক নগদ ধন আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰা হ’ব আৰু জুৰীয়ে “বিশেষ উল্লেখ” হিচাপে বাছনি কৰাসকলক অহা ৯ ছেপ্টেম্বৰত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি জনাইছে ।
এই বঁটাৰ গঠিত জুৰি সদস্যসকল আছিল ক্ৰমে  অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ড৹ জয়দীপ বৰুৱা, অসম চৰকাৰৰ প্ৰাক্তন বন সংৰক্ষক নাৰায়ণ মহন্ত, প্ৰখ্যাত সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰখ্যাত সংৰক্ষণ বিজ্ঞানী, আৰণ্যকৰ কাৰ্যবাহী সঞ্চালক ড৹ বিভৱ কুমাৰ তালুকদাৰ আৰু আন এগৰাকী যশস্বী সংৰক্ষণ বিজ্ঞানী আৰু আৰণ্যকৰ অন্যতম সঞ্চালক ড৹ এম ফিৰোজ আহমেদ ।
**********
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
