অগৰাতলি বনাঞ্চলত বিভাগীয় হাতীৰ আক্ৰমনত মাউত আহত :
                            Aiidesh News : 1 september - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আগৰাতলি বনাঞ্চলত বিভাগীয় হাতীৰ আক্ৰমণত গুৰুত্ব ভাবে আহত হয় এজন বিভাগীয় মাউত । হাতী মাউত জনৰ নাম সঞ্জীৱ পেগু । জানিব পৰা মতে আজি দিনৰ ভাগত উদ্যানখনৰ আগৰাতলি বনাঞ্চলৰ তামুলী পথাৰ বন শিৱিৰৰ সমীপত কৰ্তব্য পালন কৰি থকা সময়তে নিজেই পৰিচালনা কৰা হাতীয়ে আক্ৰমণ কৰে সঞ্জীৱ পেগু নামৰ বিভাগীয় মাউত জনক । বন বিভাগৰ উদ্যোগত সঞ্জীৱ পেগুক বোকাখাত শ্বহীদ কমলা মিৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকৎসালয়লৈ প্ৰেৰন কৰা হৈছে । হাতী মাউত সঞ্জীপ পেগুৰ ঘৰ অগৰাতলিৰ বেলগুৰিত বুলি জানিব পৰা গৈছে ৷
**********
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
