বোকাখাত বিধানসভা সমষ্টিত অতুল বৰাৰ হেট্ৰিক : তৃতীয়বাৰৰ বাবে বোকাখাতৰ বিধায়ক হিচাবে নিৰ্বাচিত অসম গন পৰিষদ দলৰ সভাপতি অতুল বৰা :
Aiidesh News : 4 May - 2026 :
বিধানসভা নিৰ্বাচনৰ আজি হোৱা ভোট গননাত ৰাজ্যৰ ১০৫ নং বোকাখাত বিধান সভা সমষ্টিত অসম গন পৰিষদৰ সভাপতি তথা এন ডি এৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই মুঠ ৮০,৯৮৭ টা ভোট লাভ কৰি জয়লাভ কৰে । অতুল বৰাই তেওঁ নিকটতম প্ৰতিদ্বন্দী ৰাইজৰ দল আৰু বিৰোধী মিত্ৰ জোঁটৰ প্ৰাৰ্থী হৰি প্ৰসাদ শইকীয়াক মুঠ ৬০,৫৩৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি তৃতীয় বাৰৰ বাবে বোকাখাত বিধানসভা সমষ্টিত পৰা বিধায়ক হিচাবে নিৰ্বাচিত হয় । ইয়াৰ পুৰ্বতে বোকাখাত সমষ্টিত অতুল বৰাই ২০১৬ চনৰ নিৰ্বাচনত মুঠ ৬২,৯৬২ টা ভোট লাভকৰি তেওঁ নিকটতম প্ৰতিদ্বন্দী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী অৰুণ ফুকনক ৪০,১৯৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল । একেদৰে ২০২১ চনৰ নিৰ্বাচনত তেওঁ ৭২,৯৩০ টা ভোট লাভ কৰি বিৰোধী মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰনৱ দলেক মুঠ ৪৫,১৮১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল । উল্লেখ্য যে ইয়াৰ পুৰ্বে ২০১১ চনৰ নিৰ্বাচনত অতুল বৰাই বোকাখাত সমষ্টিত প্ৰতিদ্বন্দিতা কৰি ৯,৮০৪ টা ভোটৰ ব্যৱধানত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী অৰুণ ফুকনৰ হাতত পৰাজয় বৰণ কৰিছিল । বিগত তিনিওটা নিৰ্বাচনতে প্ৰতিদ্বন্দিতা কৰা অতুল বৰাই ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ জনসাধাৰণৰ মন জয় কৰি এইবাৰ নিৰ্বাচনত তৃতীয় বাৰৰ বাবে জয় লাভ কৰে । নিৰ্বাচন আয়োগৰ তথ্য মতে ২০১১ চনৰ পৰা বোকাখাত বিধানসভা সমষ্টিত খোপনি পোতা অতুল বৰাই ২০১১ চনৰ নিৰ্বাচনত মুঠ ভোটদান কৰা ভোটাৰৰ ২৪ শতাংশ, ২০১৬ চনত ৫১.৭১ শতাংশ আৰু ২০২১ চনত ৬০.৫৬ শতাংশ ভোটাৰৰ সমৰ্থন লাভ কৰিছিল । এইবাৰ অতুল বৰাই মুঠ ভোটাৰ সংখ্যাৰ ৫৯.৬৬ শতাংশ ভোটাৰৰ সমৰ্থন লাভ কৰিছে ।
উল্লেখ্য যে আজিৰ ভোট গননাৰ ফলাফল অনুসৰী ১০৫ নং বিধান সভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰা অতুল বৰাই ৮০,৯৮৭ টা ভোট, বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াই ২০,৪৫০ টা, নিৰ্দলীয় প্ৰাৰ্থী প্ৰনৱ দলেই ১৪,২৫০ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈয়ে ১৩,২৩১ টা, গণ্ডৱানা গনতন্ত্ৰ পাৰ্টীৰ বিবেকানন্দ ৰাজোৱাৰে ২৮৮২ টা আৰু নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত ১১৩০ টা ভোট লাভ কৰে।
ইফালে সন্ধিয়া গোলাঘাট সদৰৰ ভোট গণনা কেন্দ্ৰৰ পৰা অতুল বৰা আহি বোকাখাতৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে দলীয় সমৰ্থকে সৃষ্টি কৰিলে এক উৎসৱ মুখৰ পৰিৱেশ। ঝুমইৰ নৃত্য,বিহু নাচেৰে আনন্দ উল্লাস কৰা দেখা গ'ল দলীয় সমৰ্থক সকলক। আৱতৰীয়া দেৱালীৰ লগতে ফাকুৱা ৰং সানিও উৎসৱ পালন কৰা দেখা গ'ল অতুল বৰাৰ বাসগৃহত।
*********



