কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ বনদূৰ্গালৈ বালিপাৰা ফাউণ্ডেচনৰ ২০২৫ চনৰ ফৰেষ্ট ৰেঞ্জাৰ এণ্ড গাৰ্ড এৱাৰ্ড :
Aiidesh News : 13 December - 2025 :
গুৱাহাটীৰ হোটেল ভিভাণ্টাত ১১ ডিচেম্বৰত অনুষ্ঠিত হোৱা বালিপাৰা ফাউণ্ডেচন নামৰ সংগঠনৰ ত্ৰয়োদশ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সাহকিতাৰে কাম কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ কিং কোব্ৰা বনশিৱিৰৰ চাৰি গৰাকী সাহসী বনদূৰ্গালৈ ২০২৫ চনৰ ফৰেষ্ট ৰেঞ্জাৰ এণ্ড গাৰ্ড এৱাৰ্ড আগবঢ়োৱা হয় ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ নিষ্ঠাৱান বনকৰ্মী সকলৰ নিষ্ঠা সততা আৰু কৰ্মদক্ষতাৰ বাবেই উদ্যানখনৰ সুৰক্ষিত হৈ আছে । বনকৰ্মী সকলৰ ভিতৰত শেষতীয়াকৈ বনদূৰ্গা নামৰ মহিলা বনকৰ্মী অৱদানো লেখত ল’ব লগীয়া । আন পুৰুষ বনকৰ্মী দৰে এই মহিলা বনকৰ্মী সকলেও বন আৰু বনাঞ্চল ৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সেৱাৰে সাহসী কেডাৰ হিচাবে স্বীকৃত হৈছে । নিষ্ঠা, সাহস আৰু দক্ষতাৰে বনাঞ্চলত কাম কৰা এই সকল মহিলা বনকৰ্মীক ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "বন দুৰ্গা" বুলি অভিহিত কৰিছিল । প্ৰায় ১০৮ গৰাকী বন দুৰ্গাৰ সৈতে কাজিৰঙাৰ সুৰক্ষাৰ বাবে বনকৰ্মী আৰু বনৰক্ষী হিচাপে সেৱা আগবঢ়োৱা এই মহিলাসকলে উদ্যানখনৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । উদ্যানৰ চোৰাং চিকাৰ প্ৰতিৰোধ, পৰিৱেশ উন্নয়ন কাৰ্যকলাপ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় অঞ্চলত মানুহ আৰু -বন্যপ্ৰাণী সংঘাতৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এই বনদূৰ্গা সকলৰ অক্লান্ত প্ৰচেষ্টাই তেওঁলোকৰ সাহসিকতাই, বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি থকা তেওঁলোকৰ গভীৰ দায়িত্ববোধো প্ৰতিফলিত কৰে ।
১১ ডিচেম্বৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে সাহকিতাৰে কাম কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ কিং কোব্ৰা বনশিৱিৰত কৰ্মৰত বনদূৰ্গা লক্ষীমণি দত্ত, জিতামণি কাকতী, পম্পী বৰা আৰু প্ৰিয়ংকা পেগুক বালিপাৰা ফাউণ্ডেচনৰ তৰফৰ পৰা ফৰেষ্ট ৰেঞ্জাৰ এণ্ড গাৰ্ড এৱাৰ্ড ২০২৫ ৰে সন্মানিত কৰা হয় । ১১ ডিচেম্বৰৰ নিশা অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত চাৰিও গৰাকী বনদূৰ্গাক এই পুৰস্কাৰ প্ৰদান কৰা হয় । বঁটা প্ৰদান কৰে প্ৰখ্যাত অভিনেত্ৰী আৰু চলচ্চিত্ৰ নিৰ্মাতা আইমী বৰুৱাই । বালিপাৰা ফাউণ্ডেচনে অগৰাতলি বনাঞ্চলৰ কিংকোব্ৰা বনশিৱিৰৰ বনদূৰ্গা সকললৈ আগবঢ়োৱা এই সন্মানৰ বাবে কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষে কৃতজ্ঞতা প্ৰকাশ কৰিছে ।
***********







