কাজিৰঙাৰ এনিমেল কৰিডৰত মটৰচাইকেলেৰে গঁড় পোৱালীক খুন্দিয়াই আহত দুজন : সম্প্ৰতি বনবিভাগৰ জিম্মাত দুই মটৰচাইকেল আৰোহী : মটৰচাইকেলো জব্দ :
                            Aiidesh News : 22 August - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত ৭১৫ নম্বৰ ৰাষ্ট্ৰয় পথাংশৰ হালধিবাৰী এনিমেল কৰিডৰত আজি সন্ধিয়া এক পথ দূৰ্ঘটনা সংঘৰ্টিত হয় ৷ তীব্ৰ গতিৰে অহা এখন মটৰ চাইকেলেৰ পোৱালীৰে সৈতে পথ অতিক্ৰম কৰা এজনী গঁড় সৈতে থকা গঁড়ক পোৱালীটোক সাজোৰে খুন্দা মাৰে ৷ এনিমেল কৰিডৰটোৰ কেঞামৰা দলংৰ সমীপতে ৰঞ্জিত কৰ্মকাৰ আৰু চাৰ্থে চিগনাৰ নামৰ দুজন লোকে মটৰ চাইকেলেৰে কঁহৰাৰ দিশৰ পৰা বাগৰিলৈ বুলি তীব্ৰ বেগেৰে গৈ থকা অৱস্থাতে এনিমেল কৰিডৰতে গঁড় পোৱালীটোক খুন্দা মাৰে ৷ এনিমেল কৰিডৰত কৰ্তব্যৰত বন কৰ্মীয়ে গতি নিয়ন্ত্ৰনৰ বাবে মটৰ চাইকেল চালকদ্বয়ক নিৰ্দেশো দিছিল বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ ফলত মটৰ চাইকেল আৰোহী দুয়োজন ব্যক্তিয়েই আহত হোৱাৰ বিপৰীতে খুন্দা খোৱা গঁড়ৰ পোৱালীটো সমীপৰ বনাঞ্চলত প্ৰৱেশ কৰে ৷ যাৰ বাবে গঁড় পোৱালীটোৰ আঘাতৰ সম্পৰ্কত একো জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি গঁড় পোৱালীটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বনকৰ্মী সকলে ৷ ইফালে দুৰ্ঘটনা সংঘৰ্টিত কৰা লোকদুজনক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে তেওঁলোকে ব্যৱহাৰ কৰা মটৰ চাইকেলখন জব্দ কৰাৰ উপৰিও বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ অধীনত এটা গোচৰো ৰজু কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ সম্প্ৰতি মটৰচাইকেল আৰোহী ৰঞ্জিত কৰ্মকাৰ আৰু চাৰ্থে চিগনাৰক বন বিভাগৰ জিম্মাতে ৰখা হৈছে ৷ কাইলৈ দুয়োকে আদালতক হাজিৰ কৰিব বনবিভাগে ৷
*********
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
